নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ ভয়াৱহতা বৃদ্ধি; ২৪ ঘণ্টাত ৮৯,১২৯ আক্রান্তঃ মৃত ৭১৭

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ভিড–১৯ৰ সংক্রমণ৷ যোৱা ২৪ ঘণ্টাত অর্থাৎ এদিনতে দেশজুৰি আক্রান্ত হৈছে ৮৯,১২৯জন৷ প্রাণহানি হৈছে ৭১৭জনৰ৷ চলিত বর্ষত যোৱা ২৪ ঘণ্টাত সর্বাধিক ৯০ হাজাৰজন আক্রান্ত হোৱাৰ সমান্তৰালকৈ সর্বাধিক সাত শতাধিক লোকে প্রাণ হেৰুৱাইছে৷

ইপিনে, ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত বেয়াৰ পৰা শোচনীয়লৈ গৈছে মহাৰাষ্ট্র, পঞ্জাব, কর্ণাটক, কেৰালা, ছত্তিশগড়, চণ্ডীগড়, গুজৰাট, মধ্যপ্রদেশ, তামিলনাডু আৰু হাৰিয়ানাৰ পৰিস্থিতি৷ ক’ভিড–১৯ত সর্বাধিক আক্রান্ত আৰু প্রাণ হেৰুওৱাৰ তালিকাৰ শীর্ষস্থানত থকা মহাৰাষ্ট্রত যোৱা ২৪ ঘণ্টাত অনাকাংক্ষিত অভিলেখেৰে ৪৭,৮২৭জন আক্রান্ত হৈছে৷ প্রাণ হেৰুৱাইছে ৪৮১জনে৷

মহাৰাষ্ট্রৰ ভিতৰত সর্বাধিক আক্রান্ত হৈছে ৰাজধানী মুম্বাইত৷ মুম্বাইত যোৱা ২৪ ঘণ্টাত পূর্বৰ সকলো অভিলেখ ভংগ কৰি আক্রান্ত হৈছে ৮,৬৪৮জন৷ ৰাজ্যখনৰ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই ইতিমধ্যে সমগ্র ৰাজ্যখনতে লকডাউনৰ ইংগিত দিছে৷

উল্লেখ্য যে ইতিমধ্যে পুনেকে ধৰি কেইবাখনো চহৰত আংশিক লকডাউন, নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ আনপিনে, দেশৰ ৰাজধানী দিল্লীতো ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বর্ধিত হৈছে৷ যোৱা ২৪ ঘণ্টাত দিল্লীত আক্রান্ত হৈছে ৩,৫৬৭জন আৰু প্রাণ হেৰুৱাইছে ১০জনে৷ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে দিল্লীত লকডাউনৰ সম্ভাৱনাক নাকচ কৰি টিকাকৰণত অধিক গুৰুত্ব দিব বুলি ঘোষণা কৰিছে৷ অৱশ্যে দিল্লীত প্রথম শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ পাঠদান বন্ধ ঘোষণা কৰিছে৷ মধ্যপ্রদেশৰ চাৰিখন জিলাত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে এই চাৰিখন জিলাত লকডাউন ঘোষণা কৰিছে৷

লক্ষণীয় যে কুম্ভমেলা ২০২১তো ক’ৰোনা শংকাই হাহাকাৰ পৰিৱেশ সৃষ্টি কৰিছে৷ যোৱা ১ এপ্রিলৰ পৰা আৰম্ভ হোৱা এই কুম্ভমেলাত কেইবালক্ষ লোক সমৱেত হ’ব৷ ইতিমধ্যে ভক্তই ভিৰ কৰা হৰিদ্বাৰত তিনি শতাধিক লোক ক’ভিড–১৯ত আক্রান্ত হোৱাত স্থানীয় প্রশাসন উদ্বিগ্ণ হৈছে৷ সাধাৰণ নাগৰিকৰ উপৰি কেইবাখনো আশ্রমৰ পুৰোহিত ক’ভিড–১৯ত আক্রান্ত হৈছে৷

You might also like