সুদক্ষ মহিলা ভলীবল খেলুৱৈ বাবলী বৰা
দেউতাকৰ ইচ্ছা অনুসৰি ছোৱালীজনীয়ে এদিন হাতত তুলি লৈছিল বেডমিণ্টন ৰেকেট৷ দেউতাক নিজে এগৰাকী ভলীবল খেলুৱৈ আছিল বাবেই হয়তো কন্যাই অন্য খেলৰ যোগেদি প্রতিষ্ঠা লাভ কৰাটো বিচাৰিছিল৷ সেইবাবেই তেওঁ ছোৱালীজনীক এগৰাকী সুদক্ষ শ্বাটলাৰৰূপে গঢ়ি তুলিব খুজিছিল৷ কিন্তু ছোৱালীজনীয়ে অন্য এক সপোন মনত পুহি ৰাখিছিল৷ তেওঁ পিতৃৰ পদাংক অনুসৰণ কৰি ভলীবল খেলৰ প্রতিহে আকর্ষিত হৈছিল৷ সেইবাবেই তেওঁ বেডমিণ্টন খেলৰ প্রতি আগ্রহী হোৱা নাছিল৷ কন্যাৰ এনে ইচ্ছাৰ প্রতি সন্মান জনাই পিতৃ তথা এসময়ৰ সুদক্ষ ভলীবল খেলুৱৈ, প্রশিক্ষক বিনোদ বৰাই কন্যা বাবলী বৰাক ঘৰতে ভলীবলৰ প্রশিক্ষণ দিবলৈ আৰম্ভ কৰে৷ সৰুৰে পৰা বাবলীয়ে ভলীবল হাতত তুলি ল’লেও অষ্টম শ্রেণীত পঢ়ি থকাৰ সময়তে ষ্টেডিয়ামলৈ গৈ আনুষ্ঠানিক প্রশিক্ষণ আৰম্ভ কৰে৷ পিতৃৰ লগতে মাতৃ লিপিকা বৰাৰ পূর্ণ সহযোগিতাৰ বাবে সম্প্রতি বাবলীয়ে গোলাঘাট জিলা দলক প্রতিনিধিত্ব কৰাৰ লগতে ৰাষ্ট্রীয় ছিনিয়ৰ ভলীবল প্রতিযোগিতাতো অসমক প্রতিনিধিত্ব কৰাৰ গৌৰৱ অর্জন কৰিছে৷ গোলাঘাট জিলাৰ দলৌজান দলঙৰ সমীপৱর্তী ফাটুৱাল গাঁৱৰ বাসিন্দা ছোৱালীজনীৰ মাজত লুকাই থকা দূৰন্ত প্রতিভা আৰু খেলবিধৰ প্রতি থকা দুর্বাৰ আকর্ষণৰ বাবে অতি কম দিনৰ ভিতৰতে তেওঁ দক্ষতা প্রদর্শন কৰিবলৈ সমর্থ হয়৷ মন কৰিবলগীয়া যে অসম ভলীবলৰ এক দীর্ঘদিনীয়া ইতিহাস আছে যদিও এতিয়াও ৰাজ্যখনত ভলীবলৰ অৱস্থা চালুকীয়া বুলি ক’লেও ভুল কৰা নহ’ব৷ এই দীঘলীয়া সময়ছোৱাত অসংখ্য প্রতিভাৱান খেলুৱৈৰ জন্ম হৈছে যদিও আন্তর্জাতিক পর্যায়ৰ খেলুৱৈৰ জন্ম দিবলৈ সক্ষম হোৱা নাই৷ একমাত্র অভিজিত ভট্টাচার্যই আন্তর্জাতিক পর্যায়ত ভাৰতীয় ভলীবল দলক প্রতিনিধিত্ব কৰাই নহয়, দলটোৰ অধিনায়কৰ দায়িত্ব লাভ কৰিও অসমবাসীক গৌৰৱান্বিত কৰিছে৷ এনে অৱস্থাৰ বিভিন্ন কাৰণ আছে যদিও তাৰ মাজতে অভিজিত ভট্টাচার্যৰ দৰে বহু খেলুৱৈৰ জন্ম হৈছে৷ শেহতীয়াকৈ প্রার্থনা গগৈ নামৰ খেলুৱৈগৰাকীয়ে ১৬ বছৰ অনূধর্ব ভাৰতীয় দলত স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ সম্প্রতি অসম ভলীবল সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা প্রকাশ বৰাৰ নেতৃত্বত অসম ভলীবল দললৈ কিছু পৰিমাণে গতিশীলতা আহিছে৷ বিশেষকৈ, তেওঁৰ গৃহজিলা গোলাঘাটত ভলীবলৰ এক জাগৰণ আহিছে৷ তেওঁ নিজেই জিলা দলটোৰ প্রশিক্ষকৰ দায়িত্ব বহন কৰি আহিছে৷ ফলত গুৱাহাটীত অনুষ্ঠিত ছিনিয়ৰ ৰাষ্ট্রীয় ভলীবলত গোলাঘাটৰ ৫গৰাকী খেলুৱৈয়ে স্থান অর্জন কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ ভিতৰৰে এগৰাকী হৈছে বাবলী বৰা৷ এইগৰাকী প্রতিভাৱান খেলুৱৈয়ে প্রশিক্ষণ আৰম্ভ কৰাৰ কিছু দিনৰ পিছতে ২০১৭ চনত বৰপেটাত অনুষ্ঠিত ৫৩সংখ্যক সদৌ অসম আন্তঃজিলা ভলীবল চেম্পিয়নশ্বিপত গোলাঘাট দলক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে৷ সেই সময়ৰ পৰা তেওঁ গোলাঘাট জিলা দলৰ নিয়মীয়া সদস্যৰূপে পৰিগণিত হয়৷ ২০২১ চনত বাবলীয়ে অসম দলত স্থান অর্জন কৰে৷ সেইবছৰৰ ২৫ৰ পৰা ৩০ ডিচেম্বৰলৈ পশ্চিমবংগত অনুষ্ঠিত ৪৭সংখ্যক জুনিয়ৰ ৰাষ্ট্রীয় ভলীবল চেম্পিয়নশ্বিপত তেওঁ অসম দলৰ হৈ খেলাৰ সুযোগ লাভ কৰে৷ অৱশ্যে ২০২২ চনত বাবলীয়ে একাধিক প্রতিযোগিতাত অংশগ্রহণ কৰি সফলতা বুটলে৷ এই বছৰত তেওঁ বকোত অনুষ্ঠিত ছিনিয়ৰ আন্তঃজিলা ভলীবল প্রতিযোগিতাত গোলাঘিট জিলা দলক প্রতিনিধিত্ব কৰে৷ সেইবাৰ গোলাঘাট দলে প্রতিযোগিতাখনত লাভ কৰে ৰানার্ছ আপৰ সন্মান৷ ২০২২ বর্ষৰে ১১ৰ পৰা ১৬ এপ্রিললৈ উত্তৰাখণ্ডত অনুষ্ঠিত ২৩সংখ্যক য়ুথ নেচনেল ভলীবল চেম্পিয়নশ্বিপত তেওঁ অসমৰ হৈ যুঁজত নামে৷ ইয়াৰ মাজতে বাবলীয়ে ভুবনেশ্বৰত অনুষ্ঠিত ভাৰতীয় দলৰ বাছনি শিবিৰলৈ আমন্ত্রণ লাভ কৰে৷ সেইবাৰ তেওঁ ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল যদিও ৰাষ্ট্রীয় দলক প্রতিনিধিত্ব কৰাৰ সপোন মনত পুহি ৰাখিছে৷ চলিত বর্ষৰ ২–৯ ফেব্রুৱাৰীলৈ গুৱাহটীত আয়োজিত ৭১সংখ্যক ছিনিয়ৰ ৰাষ্ট্রীয় প্রতিযোগিতাত বাবলীয়ে অসমক প্রতিনিধিত্ব কৰাৰ যোগ্যতা অর্জন কৰে৷ বকোত অনুষ্ঠিত আন্তঃজিলা প্রতিযোগিতাৰ পৰা নির্বাচিত হোৱাৰ পিছত এক বাছনি শিবিৰৰ জৰিয়তে তেওঁ প্রতিযোগিতাখনৰ বাবে অসম দলক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল৷ ৰাষ্ট্রীয় প্রতিযোগিতাখনত অসম দলে বেছিদূৰ আগুৱাব নোৱাৰিলেও দিল্লী, ওডিশা আদিৰ নিচিনা শক্তিশালী দলৰ বিপক্ষে খেলি যথেষ্ট অভিজ্ঞতা আহৰণ কৰে বাবলীহঁতে৷ অপৰিসীম দক্ষতাৰে ৰাজ্যিক আৰু ৰাষ্ট্রীয় পর্যায়ত দৃষ্টি আকর্ষণ কৰা বাবলীয়ে ভৱিষ্যতে ভাৰতীয় দলক প্রতিনিধিত্ব কৰাৰ লগতে এগৰাকী সুদক্ষ আৰক্ষী বিষয়া হ’ব বিচাৰে৷
কুমুদ তালুকদাৰ