নিউজ ডেস্ক, ২৭ এপ্রিল : বৈভৱ সূর্যবংশীয়ে কনিষ্ঠ খেলুৱৈ হিচাপে আইপিএলত ইতিহাস ৰচনা কৰিছে ৷ কোটিপতি লীগখনত বৈভৱে এক সুন্দৰ আৰম্ভণি কৰিছে৷ মাত্র ১৪ বছৰ বয়সতে আইপিএলত খেলি ইতিহাস ৰচনা কৰা বৈভৱে আইপিএল কেৰিয়াৰৰ প্রথমখন মেচৰ প্রথম বলত ছিক্সাৰ কোবাই নিজৰ আগমনৰ কথা ঘোষণা কৰে৷ অভিষেক ইনিংছটোত ২০টা বলত ৩৪ ৰান আৰু দ্বিতীয়খন মেচত ১২টা বলত ১৬ ৰান কৰা বৈভৱক সতর্কবাণী দিছে টীম ইণ্ডিয়াৰ প্রাক্তন বিস্ফোৰক অ’পেনাৰ বীৰেন্দ্র সেৱাগে৷ লাইমলাইট আৰু জনপ্রিয়তাৰ কথা পাহৰি বৈভৱক টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ প্রেৰণা লোৱাৰ পৰামর্শ আগবঢ়াইছে বীৰেন্দ্র সেৱাগে৷ সমালোচনাৰ লগতে জনপ্রিয়তা গ্রহণ কৰিবলৈ সাজু থাকিবলৈ বৈভৱক পৰামর্শ দিয়ে সেৱাগে৷ এক সাক্ষাৎকাৰত সেৱাগে কয় যে ভাল খেলিলে প্রশংসা পাব আৰু বেয়া খেলিলে সমালোচনাৰ সন্মুখীন হ’ব৷ বহু খেলুৱৈ দেখিছোঁ, যিসকলে এখন বা দুখন মেচৰ পিছত জনপ্রিয়তা হেৰুৱাই পেলাইছে৷ কাৰণ তেওঁলোকে নিজকে তাৰকা খেলুৱৈ বুলি ভাবিবলৈ আৰম্ভ কৰে৷ বৈভৱে ২০ বছৰ আইপিএল খেলাৰ সংকল্প ল’ব লাগে৷ কোহলিয়ে ১৯ বছৰ বয়সৰ পৰা আইপিএল খেলিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁ প্রতিযোগিতাখনৰ ১৮টা সংস্কৰণত খেলি আছে৷ বৈভৱে কোহলিৰ পদাংক অনুসৰণ কৰা উচিত৷ উল্লেখ্য যে আইপিএলৰ মেগা নিলামত ৰাজস্থান ৰয়েলছে ১ কোটি ১০ লাখ টকাত ক্রয় কৰিছিল বৈভৱক৷