নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্টৰ পিছত টি-২০তো কিৱি বাহিনীক পৰাস্ত বাংলাদেশৰ

বাৰ্তা ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰঃ নিউজিলেণ্ডৰ মাটিত ইটোৰ পিছত সিটো সফলতা লাভ কৰিছে বাংলাদেশ ক্রিকেট দলটোৱে৷ এই সফলতা যোৱা বর্ষৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হৈছিল আৰু বর্ষটোৰ শেষৰ পিনে এই পৰম্পৰা অব্যাহত আছে বাংলাদেশৰ৷ টেষ্ট আৰু এদিনীয়াৰ পিছত নিউজিলেণ্ডৰ মাটিত টি–২০ মেচত জয়লাভ কৰি ইতিহাস ৰচনা কৰিলে বাংলাদেশে৷ ঘৰুৱা দলটোৰে আৰম্ভ হোৱা তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচতে জয়ৰ সোৱাদ লাভ কৰে বাংলাদেশে৷ নেপিয়েৰত অনুষ্ঠিত মেচখনত বাংলাদেশে নিউজিলেণ্ডক পাঁচ উইকেটত পৰাস্ত কৰে৷ মেচখনত নিউজিলেণ্ডে জয়ৰ বাবে বান্ধি দিয়া ১৩৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ লিটন দাসৰ অপৰাজিত ৪২, সৌম্য সৰকাৰৰ ২২, নজমূল হুছেইন ছাণ্টো, তৌহিদ হৃদয় আৰু মেহদী হাছানৰ ১৯ ৰানৰ সহায়ত বাংলাদেশে ১৮.৪ অ’ভাৰত পাঁচটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি জেমছ নিছামৰ ৪৮, মিচেল ছাণ্টনাৰৰ ২৩, আৰু মার্ক চাপমেনৰ ১৯ ৰানৰ সহায়ত নিউজিলেণ্ডে নির্ধাৰিত ২০ অ’ভাৰত ৯টা উইকেট হেৰুৱাই ১৩৪ ৰান কৰে৷ বাংলাদেশৰ হৈ শ্বৰিফুল ইছলামে সর্বাধিক তিনিটা উইকেট লাভ কৰে৷ উল্লেখ্য যে বাংলাদেশে ইয়াৰ পূর্বে নিউজিলেণ্ডৰ মাটিত খেলা ৯খন টি–২০ৰ আটাইকেইখনতে পৰাস্ত হৈছিল৷ বাংলাদেশে যোৱা বর্ষৰ জানুৱাৰীত নিউজিলেণ্ডৰ মাটিত টেষ্ট মেচত জয়লাভ কৰাৰ পিছত ২৩ ডিচেম্বৰত ঘৰুৱা দলটোক এদিনীয়া মেচত পৰাস্ত কৰিছিল৷ উল্লেখ্য যে ক্রিকেটৰ তিনিওটা সংস্কৰণত বাংলাদেশে নিউজিলেণ্ডৰ মাটিত প্রথমবাৰৰ বাবে জয়ৰ মুখ দেখে৷

You might also like