ডুবাইত আজি টীম ইণ্ডিয়াৰ সন্মুখত বাংলাদেশ
🔹 চেম্পিয়নছ ট্রফী : ৩ স্পিনাৰৰে নামিব ভাৰত
নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : খিতাপ দখলৰ অন্যতম দাবীদাৰ টীম ইণ্ডিয়াই আইচিচি চেম্পিয়নছ ট্রফীত আজি অভিযান আৰম্ভ কৰিব৷ সুদীর্ঘ ৮ বছৰৰ পিছত পুনৰ আৰম্ভ হোৱা আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ আজি ডুবাইত হ’বলগীয়া মেচখনত টীম ইণ্ডিয়াৰ প্রতিদ্বন্দ্বী বাংলাদেশ৷ তাৰকা বলাৰ যশপ্রীত বুমৰাহ অবিহনে প্রতিযোগিতাখনত ভাগ লোৱা ভাৰতীয় দলটোৱে আজিৰ মেচখনত পূর্ণশক্তিৰে অৱতীর্ণ হ’ব৷ মেচখনত বাংলাদেশক সহজভাৱে ল’ব বিচৰা নাই ৰোহিত শর্মা বাহিনীয়ে৷ বুমৰাহৰ অনুপস্থিতিয়ে ভাৰতীয় দলটোক কিছু পৰিমাণে হ’লেও চিন্তাত ৰাখিব৷ অৱশ্যে মহম্মদ ছামীয়ে বুমৰাহৰ অভাৱ দূৰ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ ইফালে আজিৰ মেচখনত ঋষভ পণ্টে মূল একাদশত স্থান লাভ কৰাৰ সম্ভাৱনা ক্ষীণ আছে৷ পণ্টতকৈ লোকেশ ৰাহুলক অগ্রাধিকাৰ দিয়াৰ সম্ভাৱনা আছে দলীয় মেনেজমেণ্টে৷ ইংলেণ্ডৰ বিপক্ষে খেলা ঘৰুৱা এদিনীয়া মেচৰ শৃংখলাটোত ৰাহুলে সুন্দৰ বেটিং দাঙি ধৰিছিল৷ ইয়াৰ পৰিপ্রেক্ষিতত ৰাহুলকে আজি মূল একাদশত দেখা পোৱাৰ সম্ভাৱনা অধিক আছে৷ ইপিনে, মেচখনত তিনিজন স্পিনাৰেৰে অৱতীর্ণ হোৱাৰ অধিক সম্ভাৱনা আছে ভাৰতীয় দলটোৰ৷ অক্ষৰ পেটেল, কুলদীপ যাদৱ আৰু ৰবীন্দ্র জাদেজাই স্পিনাৰৰ দায়িত্ব পালন কৰিব৷ ইফালে, আজিৰ মেচখনত বুমৰাহৰ অনুপস্থিতিৰ সুযোগ ল’ব বিচাৰিছে বাংলাদেশে৷ এখন সংবাদ মেলত ভাগ লৈ বাংলাদেশৰ অধিনায়ক নাজমূল ছাণ্টোৱে কয় যে ভাৰতক পৰাস্ত কৰিবলৈ হ’লে সকলো বিভাগতে ভাল খেলিব লাগিব৷ আনহাতে, মেচখনত বৰষুণে বিঘিনি ঘটোৱাৰ সম্ভাৱনা আছে৷ বিগত ২৪ ঘণ্টাত ডুবাইত কেইবাজাকো বৰষুণ হৈ যায়৷ খেলৰ সময় : দিনৰ ২.৩০ বজা৷