নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যৰ্থতা : স্পনছৰেও এৰিলে বাংলাদেশ ক্ৰিকেট দলক

বিশেষ বাৰ্তা, ২৯ নৱেম্বৰঃ বিশ্বকাপৰ ব্যর্থতাৰ পিছত পুনৰ খেলপথাৰত নামি পৰিছে বাংলাদেশ৷ দেশৰ মাটিত নিউজিলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হৈছে দুখনীয়া টেষ্টৰ ছিৰিজ৷ ছাকিব আল হাছানৰ অনুপস্থিতিত বাংলাদেশক নেতৃত্ব দিছে নাজমূল হুছেইন শান্তই৷ অৱশ্যে আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে এই মুহূর্তত বাংলাদেশ দলৰ নাই কোনো স্পনছৰ৷ সম্পূর্ণ বগা জার্ছীত আছে মাথোঁ বাংলাদেশ ক্রিকেট ব’ৰ্ডৰ প্রতীক৷ বিশ্বকাপৰ ব্যর্থতাৰ পিছত চূড়ান্ত দুর্দিন অব্যাহত আছে বাংলাদেশ ক্রিকেটত৷ যিসমূহ বহুজাতিক সংস্থা বাংলাদেশৰ ৰাষ্ট্রীয় ক্রিকেট দলৰ স্পনছৰ আছিল, তেওঁলোক আঁতৰি গৈছে৷ এই সংস্থাসমূহ বাংলাদেশ দলৰ বাবে ধন ব্যয় কৰিবলৈ সন্মত নহয়৷ জানিব পৰা মতে দলটোৰ ধাৰাবাহিক ব্যর্থতাৰ বাবেই স্পনছৰ সংস্থাসমূহে দলটোৰ প্রতি আস্থা হেৰুৱাইছে৷ সেইবাবে বাংলাদেশৰ ক্রিকেট দলৰ জার্ছীৰ পৰাও মচি পেলোৱা হৈছে সংস্থাৰ নাম আৰু প্রতীক৷ উল্লেখ্য যে নিউজিলেণ্ডৰ বিৰুদ্ধে দুখন টেষ্টৰ উপৰি তিনিখনকৈ এদিনীয়া মেচ আৰু টি–২০ মেচৰ শৃংখলাও খেলিব বাংলাদেশে৷

#বাৰ্তা ডেস্ক

You might also like