নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিলায়েন্স ফুটবল ফাউণ্ডেচনলৈ শিৱসাগৰৰ বৰ্ণিল গোহাঁই

নিয়মীয়া বাৰ্তা, ২৩ মে’ : শিৱসাগৰ ক্ৰীড়া সন্থাৰ অন্তৰ্গত শিৱসাগৰ শিশু ফুটবল ক’চিং চেন্টাৰে ইতিমধ‍্যে তিনিগৰাকীগৰাকী ফুটবলাৰ ভাৰতৰ আগশাৰীৰ ফুটবল ফাউণ্ডেচনলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে।

ৰিলায়েন্স ফাউণ্ডেচনলৈ ইতিমধ‍্যে এই ফুটবল ক’চিং চেন্টাৰৰ পৰা নিবিড় বড়া, উৰিষ‍্যাৰ ভূৱনেশ্বৰৰ ১৭ বছৰ অনুৰ্দ্ধ ফিফা একাডেমীলৈ ৰেহান আহমেড আৰু শেহতীয়াকৈ পুনৰ ৰিলায়েন্স ফাউণ্ডেচনলৈ (১৩ বছৰ অনুৰ্দ্ধ) বৰ্ণিল গোহাঁই নিৰ্বাচিত হৈছে। বৰ্ণিলৰ উপৰি আৰু তিনিগৰাকী খেলুৱৈ অসমৰ পৰা নিৰ্বাচিত হৈছে।

বৰ্ণিল শিৱসাগৰ চৰকাৰী উচচতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অষ্টম শ্রেণীৰ ছাত্ৰ। বিজয় গোহাঁই আৰু মুনমী গোহাঁইৰ পুত্ৰ, বৰ্ণিল ২০১৯ চনত মাত্ৰ ৬ বছৰ বয়সত শিশু ফুটবল ক’চিং চেন্টাৰত যোগদান কৰি ফুটবলৰ আদিপাঠ গ্ৰহণ কৰিছিল।মোম্বাইস্থিত ৰিলায়েন্স ফাউণ্ডেচনৰ আৱাসিক প্ৰশিক্ষণত অংশগ্ৰহণৰ উদ্দেশ‍্যে অহা ৮ জুনত পৰিয়ালসহ মুম্বাইলৈ ৰাওনা হ’ব তেওঁ।

তেওঁৰ সকলো খৰচ ৰিলায়েন্সে বহন কৰিব বুলি জানিব পৰা গৈছে। বৰ্ণিলৰ নিৰ্বাচনত শিশু ফুটবল ক’চিঙৰ লগতে শিৱসাগৰৰ ক্ৰীড়াপ্ৰেমী ৰাইজ উৎফুল্লিত হৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰেৰক প্ৰশান্ত বৰগোহাঁই

You might also like