অৱশেষত বুমৰাহক খেলাৰ অনুমতি বিচিচিআইৰ
🔹 দুই-এদিনতে যোগ দিব মুম্বাই শিবিৰত
নিউজ ডেস্ক, ৬ এপ্রিল : মুম্বাই ইণ্ডিয়ানছৰ বাবে সুখবৰ৷ আঘাতৰ বাবে দলৰ বাহিৰত থকা তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহে দুই-এদিনৰ ভিতৰতে মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত যোগদান কৰাৰ সম্ভাৱনা আছে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে বুমৰাহক খেলাৰ বাবে সেউজ সংকেত প্রদান কৰিছে৷ ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ চিকিৎসা দলৰ প্রতিবেদনত সন্তুষ্টি প্রকাশ কৰি ব’র্ডে বমুৰাহক খেলাৰ বাবে সেউজ সংকেত প্রদান কৰিছে৷ বুমৰাহে আজি দলত যোগদান কৰাৰ সম্ভাৱনা আছে যদিও সোমবাৰে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ বিপক্ষে খেলিবলগীয়া মেচখনত অংশগ্রহণ কৰাৰ সম্ভাৱনা ক্ষীণ৷ অৱশ্যে তাৰকা পেচ বলাৰগৰাকীয়ে ১৩ এপ্রিলত দিল্লী কেপিটেলছৰ বিপক্ষে খেলিবলগীয়া মেচখনত অংশ লোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ আইপিএলৰ মেচত ভাগ লোৱাৰ পূর্বে বুমৰাহে দুখনমান ৱার্মআপ মেচত ভাগ ল’ব বুলি এক সূত্রত সদৰী৷ ৱার্মআপ মেচত বুমৰাহৰ ওপৰত চকু ৰাখিবলৈ নির্দেশ দিছে ব’র্ডে৷ মুম্বাইৰ চিকিৎসা দলৰ সদস্যসকলে নিৰীক্ষণ কৰিব পেচ বলাৰগৰাকীক৷ উল্লেখ্য যে অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলা ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীৰ পঞ্চম টেষ্টৰ সময়ত আঘাতপ্রাপ্ত হৈছিল বুমৰাহ আৰু তেতিয়াৰে পৰা খেলপথাৰৰ বাহিৰত আছে তাৰকা পেচ বলাৰগৰাকী৷ আঘাতৰ বাবে বুমৰাহে ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা আৰু আইচিচি চেম্পিয়নছ ট্রফীতো অংশগ্রহণ কৰিব পৰা নাছিল৷