মহিলা ক্ৰিকেট দলৰ কেন্দ্ৰীয় চুক্তি ঘোষণা বিচিচিআইৰ, তালিকাত ১৬ খেলুৱৈ
নিউজ ডেস্ক, ২৪ মাৰ্চঃ আজি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে মহিলা দলৰ কেন্দ্ৰীয় চুক্তিৰ কথা ঘোষণা কৰে। ব’ৰ্ডে ১৬গৰাকী খেলুৱৈক ৩টা শাখাত বিভক্ত কৰিছে। এ গ্ৰেডত স্মৃতি মান্ধানা আৰু হৰমনপ্ৰীত কৌৰকে ধৰি ৩গৰাকী খেলুৱৈ আছে। বি গ্ৰেডত শ্বেফালী বাৰ্মাকে ধৰি ৪জন আৰু চি গ্ৰেডত ৯জন খেলুৱৈ আছে।
মহিলাৰ কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভুক্ত ১৬ গৰাকী খেলুৱৈ
এ গ্ৰেড : হৰমনপ্ৰীত কৌৰ, স্মৃতি মান্ধানা, দীপ্তি শৰ্মা
বি শ্ৰেণী : ৰেণুকা সিং, জেমিমা ৰড্ৰিগুৱেজ, ৰিচা ঘোষ, শ্বেফালী বাৰ্মা
📌এইটোও পঢ়ক IPLত অনাকাংক্ষিত ৰেকৰ্ডৰ গৰাকী হিটমেন ৰোহিত
চি গ্ৰেড : যস্তিকা ভাটিয়া, ৰাধা যাদৱ, শ্ৰেয়াংকা পাটিল, তিতাছ সাধু, অৰুন্ধতী ৰেড্ডী, অমনজোত কৌৰ, উমা ছেত্ৰী, স্নেহ ৰাণা, পূজা বস্ত্ৰকাৰ।