নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ড ভ্ৰমণলৈ ভাৰতীয় দল ঘোষণা বিচিচিআইৰ, নেতৃত্বত গিল, ছামি-শ্ৰেয়াছৰ নাই স্থান

ইংলেণ্ড ভ্ৰমণলৈ ভাৰতীয় দল ঘোষণা বিচিচিআইৰ , নেতৃত্বত গিল, ছামি-শ্ৰেয়াছৰ নাই স্থান

নিউজ ডেস্ক, ২৪ মে’ : ইংলেণ্ড ভ্ৰমণৰ বাবে টীম ইণ্ডিয়া স্কোৱাড ঘোষণা। ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ বাবে টীম ইণ্ডিয়াক ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। ইংলেণ্ডত পাঁচখন খেলৰ টেষ্ট শৃংখলা খেলিব লাগিব ভাৰতে। যুৱ বেটছমেন শুভমন গিলক টেষ্টৰ অধিনায়কত্ব প্ৰদান কৰা হৈছে। আনহাতে তাৰকা বেগী বলাৰ মহম্মদ ছামি আৰু মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰে দলত স্থান লাভ কৰা নাই।

বিচিচিআইয়ে টেষ্ট দলৰ অধিনায়কত্ব শুভমন গিলৰ হাতত অৰ্পণ কৰিছে। আনহাতে উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। আশ্চৰ্যজনকভাৱে তাৰকা মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰক টেষ্ট দলত নিৰ্বাচিত হোৱা নাই। ২০২৫ চনৰ আই পি এলত তেওঁক ডাঙৰ ফৰ্মত দেখা গৈছিল। ইয়াৰ পূৰ্বে চেম্পিয়নছ ট্ৰফীতো টীম ইণ্ডিয়াৰ নায়ক আছিল।

ইংলেণ্ড ভ্ৰমণৰ বাবে ঘোষণা কৰিছে বিচিচিআইয়ে ১৮জনীয়া দল। যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, আকাশদীপ, আৰ্শদীপ সিং আৰু শাৰ্দুল ঠাকুৰৰ ৰূপত ৬গৰাকী বলাৰ নিৰ্বাচিত হৈছে। ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ আৰু কুলদীপ যাদৱৰ ৰূপত তিনিগৰাকী স্পিনাৰ।

ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ বাবে নিৰ্বাচিত হৈছে মিডল অৰ্ডাৰৰ বেটছমেন কৰুণ নায়াৰ। ৮ বছৰৰ মূৰত পুনৰ টেষ্ট দললৈ ঘূৰি আহিছে নায়াৰে। শেষবাৰৰ বাবে ২০১৭ চনত ভাৰতৰ হৈ টেষ্ট ক্ৰিকেট খেলিছিল। ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ বাবেও নিৰ্বাচিত হৈছে শাৰ্দুল ঠাকুৰ।

ইংলেণ্ড ভ্ৰমণৰ বাবে ১৮ জনীয়া টীম ইণ্ডিয়া- শুভমান গিল (অধিনায়ক), ঋষভ পণ্ট (উপ অধিনায়ক), যশস্বী জয়ছোৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, অভিমন্যু ইশ্বৰন, কৰুণ নায়াৰ, নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল, ৱাশ্বিংটন সুন্দৰ, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, আকাশদ্বীপ, অৰ্শদ্বীপ সিং আৰু কুলদীপ যাদৱ।

You might also like