নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপ ক্রিকেটৰ ৰোডমেপ কোহলিৰে বৈঠক ব’ৰ্ডৰ

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়া সম্প্রতি ইংলেণ্ডত টেষ্ট শৃংখলাত ব্যস্ত থাকিলেও আগন্তুক টি–২০ বিশ্বকাপলৈ দলৰ ৰণনীতি তৈয়াৰ কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ লর্ডছত টীম ইণ্ডিয়াই ঐতিহাসিক জয় সাব্যস্ত কৰাৰ পিছতে বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলী, সচিব জয় শ্বাহ আৰু উপ–সভাপতি ৰাজীৱ শুক্লাই অধিনায়ক কোহলিৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ এই বৈঠকত ব’ডৰ শীর্ষ বিষয়ববীয়াই কোহলিৰ সৈতে বহি একেলগে টি–২০ বিশ্বকাপৰ ৰোডমেপ তৈয়াৰ কৰে৷

উল্লেখ্য যে এতিয়ালৈকে আই চি চিৰ কোনো বৃহৎ প্রতিযোগিতাত জয়ৰ সোৱাদ লাভ নকৰা অধিনায়ক কোহলিৰ বাবে আগন্তুক টি–২০ বিশ্বকাপ অগ্ণিপৰীক্ষাসদৃশ হৈ পৰিছে৷ এই প্রতিযোগিতাত টীম ইণ্ডিয়াৰ সাফল্যৰ ওপৰতে অধিনায়ক কোহলিৰ ভৱিষ্যৎ নির্ভৰ কৰিব৷ কোহলিৰ নেতৃত্বত ভাৰতে ২০১৭ৰ চেম্পিয়নছ ট্রফীৰ ফাইনেল, ২০১৯ৰ এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেল আৰু চলিত বর্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হৈছে৷

আই চি চিৰ মেগা ইভেণ্টত খিতাপ জয়ৰ সপোন পূৰণ কৰিবলৈ অধিনায়ক কোহলিয়ে কিদৰে সাজু হৈছে, সেয়া জানিবলৈ ব’ডৰ শীর্ষ বিষয়ববীয়াই তেওঁৰ সৈতে আলোচনাত মিলিত হয়৷ বি চি চি আইৰ এগৰাকী জ্যেষ্ঠ বিষয়াই শুকুৰবাৰে সংবাদ মাধ্যমক এই কথা জানিবলৈ দিছে৷ মন কৰিবলগীয়া যে ভাৰতে ১৪ ছেপ্টেম্বৰলৈ ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ব্যস্ত থাকিব আৰু ইয়াৰ ৪ দিন পিছতে আৰম্ভ হ’ব আই পি এল৷ আই পি এলত বিভিন্ন দলৰ হৈ অংশ লোৱাৰ পিছতে ভাৰতীয় দলৰ খেলুৱৈসকল টি–২০ বিশ্বকাপত প্রতিদ্বন্দ্বিতা আগবঢ়াব লাগিব৷

ইফালে, ডুবাইত শেহতীয়াকৈ অনুষ্ঠিত গুৰুত্বপূর্ণ বৈঠকত বি চি চি আইৰ শীর্ষ বিষয়ববীয়াই মুখ্য নির্বাচক চেতন শর্মা, অধিনায়ক কোহলি, প্রশিক্ষক ৰবি শাস্ত্রী আৰু বলিং প্রশিক্ষক ভৰত অৰুণৰ সৈতে আলোচনা কৰি বিশ্বকাপৰ দল গঠন কৰিবলৈ ভাৰতীয় দলীয় মেনেজমেণ্টক নির্দেশ দিয়া বুলি জানিব পৰা গৈছে৷

You might also like