নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ ১০ দফীয়া কঠোৰ নির্দেশনা

🔹 বেংগালুৰুৰ বিজয় উৎসৱত পদপিষ্ট হৈ মৃত্যুৰ ঘটনা

নিউজ ডেস্ক, ২৩ জুন : আইপিএলত বিজয়ৰ পিছত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ বিজয় উৎসৱত পদপিষ্ট হৈ মৃত্যু হৈছিল ১১জন অনুৰাগীৰ৷ আহত হৈছিল প্রায় ৫০জন আৰচিবিৰ ভক্ত৷ এই ঘটনাৰ বাবে মাজতে বন্ধ কৰি দিয়া হৈছিল বিজয় উৎসৱ৷ ভৱিষ্যতে যাতে এনে দুর্ঘটনা এৰাই চলিব পৰা যায়, তাৰ বাবে কিছু নির্দেশনা জাৰি কৰিছে ভাৰতীয় ক্রিকেট ব’র্ডে৷

ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই জনায় যে বেংগালুৰুৰ দৰে দুর্ঘটনা যাতে ভৱিষ্যতে নঘটে, তাক নিশ্চিত কৰিব বিচাৰে বিচিচিআয়ে৷ বেংগালুৰুৰ দুর্ঘটনাৰ পিছত এনেধৰণৰ অনুষ্ঠানত সকলোৰে নিৰাপত্তা নিশ্চিত কৰিবলৈ ব’র্ডে তিনিজনীয়া সদস্যৰ এখন কমিটী গঠন কৰি দিছিল৷ এই পর্যন্ত আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত প্রতিবেদন অনুসৰি, ১০টা দফা সন্নিৱিষ্ট নির্দেশনা জাৰি কৰা হ’ব পাৰে৷

সেই অনুসৰি, ট্রফী জয় কৰাৰ ৩–৪ দিনৰ ভিতৰত কোনো দলে বিজয় উৎসৱ পালন কৰিব নোৱাৰিব৷ তদুপৰি, যথাযথ পৰিকল্পনা নাথাকিলে অনুষ্ঠান আয়োজনৰ অনুমতি দিয়া নহ’ব৷ বিজয়ী দলে বিচিচিআইৰ পৰা আনুষ্ঠানিকভাৱে অনুমতি ল’ব লাগিব৷ ব’ৰ্ডৰ অনুমতি অবিহনে কোনোধৰণৰ অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব৷ তদুপৰি, নিৰাপত্তা ব্যৱস্থা, যাতায়াত, আৰক্ষী–প্রশাসনৰ অনুমতি, আইন মানি চলা আদি বিভিন্ন দিশ সন্নিৱিষ্ট কৰা হৈছে৷

You might also like