নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচিচিআই : ৰঞ্জি খেলক কোহলি–ৰোহিতে !

নিউজ ডেস্ক, ১৩ জানুৱাৰী : ৰঞ্জি ট্রফীত খেলিব টীম ইণ্ডিয়াৰ দুই তাৰকা খেলুৱৈ ৰোহিত শর্মা আৰু বিৰাট কোহলিয়ে৷ বিচিচিআয়ে দুয়োগৰাকী খেলুৱৈক ৰঞ্জি ট্ৰফীত খেলাৰ নির্দেশ দিয়াৰ সম্ভাৱনা আছে৷ ভাৰতীয় দলৰ ছিনিয়ৰ বেটাৰ দুগৰাকীয়ে শেহতীয়াকৈ ফর্মৰ বাহিৰত আছে৷ দুয়োজনেই ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীত ব্যর্থ হৈছে৷ এনে পৰিস্থিতিত দুয়োজনে হয়তো ৰঞ্জি ট্ৰফীত খেলি নিজকে নতুনকৈ প্রমাণ কৰিব লাগিব৷ ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীত পৰাজয়ৰ পিছত ভাৰতীয় দলৰ প্রদর্শনক লৈ ব’ৰ্ডৰ বিষয়াসকলে এখন পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে৷ সেই বৈঠকত ক্রিকেটাৰসকলৰ প্রদর্শনৰ বিষয়েও আলোচনা কৰা হৈছিল৷ কোহলি আৰু ৰোহিতৰ ধাৰাবাহিক ব্যর্থতাক লৈ চিন্তিত বিষয়ববীয়াসকল৷ ২০১২ চনৰ পিছত কোহলিয়ে ৰঞ্জি ট্ৰফীত খেলা নাই৷ ৰোহিতে শেষবাৰৰ বাবে ২০১৫ চনত খেলিছিল৷ ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে ২০১৮ চনত কোনো ঘৰুৱা ক্রিকেট মেচ খেলা নাছিল৷ আন্তঃৰাষ্ট্রীয় পর্যায়ত তিনিওটা ফর্মেট খেলি ঘৰুৱা ক্রিকেট খেলাটো কোহলি আৰু ৰোহিতৰ বাবে বাধ্যতামূলক নাছিল৷

You might also like