নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ক্রিকেটাৰৰ খাদ্য তালিকাত বাধ্যতামূলক হালাল মাংসঃ ছ’চিয়েল মিডিয়াত ৰোষৰ বলি বি চি চি আই

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ ভাৰতীয় ক্রিকেটাৰৰ খাদ্য তালিকাত হালাল মাংস বাধ্যতামূলক কৰাক লৈ দেশৰ ক্রিকেট মহলত আজি তুমুল বিতর্কৰ সৃষ্টি হৈছে৷ অহা বৃহস্পতিবাৰৰ পৰা কানপুৰত আৰম্ভ হ’বলগীয়া ভাৰত–নিউজিলেণ্ডৰ মেচৰ বাবে বি চি চি আয়ে প্রস্তুত কৰা খাদ্য তালিকাত গাহৰি আৰু গো–মাংস নিষিদ্ধ কৰি কেৱল হালাল মাংস সন্নিৱিষ্ট কৰাৰ পিছতে ছ’চিয়েল মিডিয়াত তীব্র ৰোষৰ বলি হৈছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড৷

এইধৰণৰ হঠকাৰী সিদ্ধান্তৰে ব’র্ডে খেলুৱৈসকলৰ মাজত হিন্দু–মুছলমানক লৈ বিভেদ সৃষ্টি কৰা উচিত নহয় বুলি অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত ক্ষোভ উজাৰিছে৷ খাদ্য তালিকাৰ পৰা গাহৰি আৰু গো মাংস নিষিদ্ধ কৰি হালাল মাংস অন্তর্ভুক্ত কৰাটো তীব্র সাম্প্রদায়িক সিদ্ধান্ত বুলিও তেওঁলোকে উল্লেখ কৰিছে৷ আন একাংশই বি চি চি আইৰ ওপৰত ক্ষুব্ধ হৈ কৈছে যে হালাল মাংস বাধ্যতামূলক কৰি হিন্দু ধর্মাৱলম্বী লোকৰ আৱেগত আঘাত হানিছে৷ অনুৰাগীৰ তীব্র ক্ষোভৰ সন্মুখীন হোৱা সত্ত্বেও বি চি চি আয়ে এইপর্যন্ত বিষয়টো সন্দর্ভত নিজৰ স্থিতি স্পষ্ট কৰা নাই৷

You might also like