নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ মহানগৰবাসীৰ

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ খৰালিৰ আগমনৰ লগে লগে গুৱাহাটী মহানগৰীত খোৱাপানীৰ সংকটে দেখা দিছে৷ কংক্রিট মহানগৰীত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে নাগৰিকে হাহাকাৰ কৰিবলগীয়া হৈছে৷ খৰালিৰ আগমনৰ লগে লগে পানীৰ লেয়াৰ ভূগর্ভৰ বহু তললৈ গুচি যোৱাত মহানগৰীৰ বিভিন্ন প্রান্তত নলীনাদ, কুঁৱা আৰু অন্যান্য পানীৰ উৎস শুকাই যোৱাৰ লগতে জধে মধে বৰিং কৰাত পর্যাপ্ত পানী নোপোৱা হৈছে৷ বিশেষকৈ মহানগৰীৰ পাহাৰীয়া অঞ্চলত বাস কৰা লোকসকলে পর্যাপ্ত পানী নোপোৱাত ভীষণ সমস্যাৰ সন্মুখীন হৈছে৷ মহানগৰবাসীৰ জ্বলন্ত সমস্যা হিচাপে বিবেচিত হোৱা খোৱাপানীৰ সমস্যা সমাধানৰ বাবে জিএমডিএ, গুৱাহাটী পৌৰ নিগম আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে বিভিন্ন আঁচনি প্রস্তুত কৰি ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰিছে যদিও মহানগৰবাসীক পর্যাপ্ত খোৱাপানী যোগান ধৰাত চূড়ান্ত ব্যর্থ হৈছে৷ ফলত মহানগৰবাসীয়ে নিতৌ পানী ক্রয় কৰি খৰচ কৰিবলগীয়া হৈছে৷ মহানগৰীৰ বশিষ্ঠ, লতাকটা, ধীৰেনপাৰা, লখৰা, ফটাশিল, ভঙাগড়, কছাৰীবস্তি, বামুণীমৈদাম, নাৰেংগী, নুনমাটি, নিজৰাপাৰ আদি অঞ্চলত এটুপি খোৱাপানীৰ বাবে নাগৰিকে হাহাকাৰ কৰিবলগীয়া হৈছে বুলি মহানগৰ জিলা উন্নয়ন সমিতিৰ সম্পাদক বীৰেন শর্মাই জানিবলৈ দিছে৷

উল্লেখ্য যে মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে জিএমচিৰ কর্তৃপক্ষই মহানগৰীত তিনিটা বৃহৎ পানীৰ প্রকল্প আৰম্ভ কৰিছিল৷ ২০০৯ চনত ২৮০.৯০ কোটি টকীয়া দক্ষিণ গুৱাহাটী পশ্চিম পানী যোগান আঁচনিত কামৰ দায়িত্ব গেমন ইণ্ডিয়াক অর্পণ কৰে যদিও আজি পর্যন্ত এই পানী যোগান আঁাঁচনিৰ কাম সম্পূর্ণ হোৱা নাই৷ অৱশ্যে আঁচনিৰ প্রথম পর্যায়ৰ কাম সম্পন্ন হোৱাত ২০২০ বর্ষত কামাখ্যা অঞ্চলৰ কিছু পৰিয়ালক সংযোগ দিয়া হয় যদিও বাকী কাম এতিয়াও অসম্পূর্ণ৷ পশ্চিম গুৱাহাটীৰ বৃহত্তৰ অঞ্চলক সামৰি লোৱা এই পানী যোগান প্রকল্পৰ কাম ২০১১ চনত সম্পূর্ণ কৰাৰ কথা আছিল যদিও দহ বছৰ পাছতো গেমন ইণ্ডিয়াই প্রকল্পটো সম্পূর্ণ কৰিব পৰা নাই৷ ফলত বৃহত্তৰ পশ্চিম গুৱাহাটীৰ বাসিন্দাসকলে পর্যাপ্ত খোৱাপানীৰ পৰা বঞ্চিত হৈছে৷ একে সময়তে দক্ষিণ মধ্য গুৱাহাটীৰ বৃহৎ পানী যোগান আঁচনিৰ কাম জাইকাক অর্পণ কৰা হৈছিল যদিও আজিকোপতি প্রতিষ্ঠানটোৱে পানী যোগান আঁাঁচনিৰ কাম সম্পন্ন কৰিব পৰা নাই৷ পানীৰ পাইপ বহুৱাৰ নামত কেৱল বাট–পথ খান্দিয়েই দায়িত্ব সামৰিছে জাইকাই৷ ইপিনে এছিয়ান ডেভেলপমেণ্ট বেংকৰ সহযোগত আৰম্ভ কৰা পানী যোগান আঁচনিৰ কামো আজিপর্যন্ত সম্পন্ন কৰিব পৰা নাই৷ ফলত বশিষ্ঠ লখৰা, বেলতলা, বামুণীমৈদাম, পাথৰ কোৱেৰী, বৰবাৰী, নুনমাটি, সাতগাঁও আদি অঞ্চলৰ বাসিন্দাই পর্যাপ্ত খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ ইপিনে জনস্বাস্থ্য কাৰিকৰী বিভাগে মহানগৰীৰ বিভিন্ন প্রান্তত ১৪০টাৰো অধিক ক্ষুদ্র পানী যোগান আঁচনিৰ জৰিয়তে মহানগৰবাসীক খোৱাপানী যোগান ধৰি আছিল যদিও মেৰামতিৰ অভাৱত অধিকাংশ বন্ধ হৈ পৰিছে৷

You might also like