নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডালাছ ষ্টেডিয়ামত বিশ্বকাপ ফুটবলত জুবিন গাৰ্গক স্মৰণ

এতিয়া চলি আছে বিশ্বকাপ ফুটবল। ফুটবল মহাৰণৰ উন্মাদনাত বিশ্বজুৰি অব্যাহত আছে ফুটবলৰ জ্বৰ। ইয়াৰ মাজতে চৰ্চালৈ আহিছে অসমীয়া জাতিৰ হিয়াৰ আমঠু, অমৃতকণ্ঠ জবিন গাৰ্গ।

সাত সাগৰ তেৰ নদী পাৰৰ  সুদূৰ আমেৰিকাৰ ডালাচ ষ্টেডিয়ামত পৰ্টুগাল বনাম স্পেইনৰ মাজত অনুষ্ঠিত ফিফা বিশ্বকাপৰ শ্বাসৰূদ্ধ ফুটবল খেলখন চলি থকাৰ মাজতে গেলেৰীৰ ফুটবল প্ৰেমী দৰ্শকৰ মাজৰ পৰা গুঞ্জৰিত হ’ল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনীৰ কিয়দাংশ।

ডিঙিত অসমীয়াৰ স্বাভিমান গামোচা লৈ আৰু জুবিন গাৰ্গৰ ফটো সম্বলিত টি চাৰ্ট পৰিধান কৰি নগাঁৱৰ পুৰণিগুদাম চলচলিৰ ফুটবল প্ৰেমী মুছিবুৰ ৰহমান আৰু গুৱাহাটী পাঞ্জাবাৰীৰ ৰাতুল আহমেদে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি নিজকে জুবিন প্ৰেমী গৌৰৱী অসমীয়াৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়।

দুই জুবিন প্ৰেমীৰ মাজৰ পৰা মুছিবুৰ ৰহমানে গুনগুনালে জুবিন গাৰ্গৰ সেই জনপ্ৰিয় মায়াবিনী গীতটো। জুবিন গাৰ্গ এজন মহান শিল্পী হোৱাৰ লগতে ফুটবল প্ৰেমীও আছিল। জীৱিত কালত বিশ্ব কাপ ফুটবল খেল কেইবাবাৰো উপভোগ কৰিছিল জুবিন গাৰ্গে।

বিশ্বকাপত ভাৰতৰ দল নাই যদিও জুবিন গাৰ্গে মনে প্ৰাণে বিছাৰিছিল ভাৰতৰ এটা দল হওঁক,তাত অসমৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰক। জুবিন গাৰ্গৰ এনেবোৰ সপোনৰ কথা পৰ্টুগাল বনাম স্পেইনৰ খেল আৰম্ভ হোৱাৰ পূৰ্বেও ডালাচ ষ্টেডিয়ামৰ সন্মুখতো নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিলে মুছিবুৰ ৰহমানে।

ইয়াৰ পূৰ্বেও আনএখন বিশ্বকাপৰ খেল উপভোগ কৰি  একেই সাজ পোচাক পৰিধান কৰি জয় জুবিন দা ধ্বনি দি অসমৰ মুছিবুৰ ৰহমান আৰু ৰাতুল আহমেদে আমেৰিকা যুক্তৰাষ্ট্ৰত জুবিন চৰ্চাত ব্যস্ত পৰিছিল।

জুবিন গাৰ্গ  শিল্পী হিচাপে আছিল একক  আৰু অনন্য।  এইগৰাকী মহান শিল্পী জুবিন গাৰ্গ লাখ লাখ যুৱক- যুৱতীৰ অন্তৰত যুগ-যুগান্তৰলৈ প্ৰৱাহমান হৈ থাকিব বুলি নগাঁৱৰ এই যুৱকে আশা প্ৰকাশ কৰে। এই দুই যুৱকে বিশ্বদৰবাৰত জুবিন গাৰ্গক প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসক সকলোৱে প্ৰশংসা কৰিছে।

বিশেষ বাৰ্তা, নগাঁও, ৮ জুলাই

You might also like