ড্রীম ১১ৰ নিবিদা খাৰিজ
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ ইউ এ ইত অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ টাইটেল স্প’নছৰশ্বিপৰ স্বত্ব লাভ কৰা ড্রীম ১১ নামৰ স্প’ৰ্টছ গেমিং কোম্পানীটোৱে অকল চলিত বর্ষৰ আই পি এলৰ বাবেহে দায়িত্ব লাভ কৰিছে৷
কালি বি চি চি আয়ে টাইটেল স্প’নছৰশ্বিপ হিচাপে ড্রীম ১১ৰ নাম ঘোষণা কৰোঁতে এক চর্ত ৰাখিছিল যে চাইনীজ ম’বাইল নির্মাণ কোম্পানী ভিভ’ৱে পৰৱর্তী বর্ষত স্প’নছৰশ্বিপৰ দায়িত্ব লৈ উভতি নাহিলে ড্রীম ১১ক ২০২১–২০২২ বর্ষৰ বাবেও ৰখা হ’ব৷
কিন্তু আজি ব’র্ডে স্পষ্ট কৰে যে ড্রীম ১১–এ ২০২১ আৰু ২০২২ৰ বাবে আগবঢ়োৱা নিবিদা মূল্য যথেষ্ট কম হোৱা বাবে তেওঁলোকৰ নিবিদা খাৰিজ কৰা হৈছে৷ উল্লেখ্য যে কোম্পানীটোৱে দ্বিতীয় আৰু তৃতীয় বর্ষৰ বাবে ব’ৰ্ডক ২৪০ কোটিকৈ আদায় দিবলৈ সন্মত হৈছিল৷