নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ক্রিকেটাৰক লৈ কঠোৰ বিচিচিআই

🔹 শেহতীয়া হতাশজনক প্ৰদৰ্শনক লৈ ক্ষুব্ধ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড 

নিউজ ডেস্ক, ১৮ জানুৱাৰী : শেহতীয়া কিছুদিন ধৰি ভাৰতীয় ক্রিকেটত দেখা গৈছে বহু অনাকাংক্ষিত চর্চা৷ এনে পৰিস্থিতিত বিচিচিআয়ে কিছু কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে৷ শেহতীয়া পর্যালোচনা বৈঠকৰ অন্তত ব’র্ডে দলৰ ভিতৰচ’ৰাত ঐক্য বৃদ্ধি আৰু দলৰ প্রদর্শন উন্নত কৰাৰ লক্ষ্যৰে ১০টা কঠোৰ নিয়ম প্রৱর্তনৰ বাবে সাজু হৈছে৷ যদি কোনো খেলুৱৈয়ে এই নিয়মসমূহ উলংঘন কৰে, তেতিয়া তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ব’র্ডে নিলম্বনৰ দৰে ব্যৱস্থাও গ্রহণ কৰিব পাৰে৷ লগতে শাস্তি হিচাপে খেলুৱৈৰ মেচ ফী বা চুক্তিৰ মাচুল কর্তন কৰিব পাৰে৷ সমান্তৰালকৈ খেলুৱৈগৰাকীৰ চুক্তি বাতিল কৰাও হ’ব পাৰে৷ তদুপৰি যদি বিচিচিআয়ে অনুভৱ কৰে যে খেলুৱৈজনে কোনো গুৰুতৰ ভুল কৰিছে, তেতিয়া তেওঁক আইপিএলকে ধৰি আন যিকোনো প্রতিযোগিতাত অংশগ্রহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে৷ ব’র্ডে প্রৱর্তন কৰা নিয়মসমূহ হ’ল– ১৷ ভাৰতীয় দললৈ নির্বাচিত হোৱাৰ বাবে সকলো খেলুৱৈয়ে ঘৰুৱা ক্রিকেট খেলাটো বাধ্যতামূলক কৰিছে ব’র্ডে৷ যদি জাতীয় দলৰ কোনো খেলুৱৈয়ে ঘৰুৱা ক্রিকেট প্রতিযোগিতাৰ পৰা বিৰতি ল’ব বিচাৰে, বাছনি সমিতিক আগতীয়াকৈ অৱগত কৰিব লাগিব ২৷ মেচৰ পৰা আৰম্ভ কৰি অনুশীলনলৈকে সকলো সময়তে খেলুৱৈসকলে একেলগে যাত্রা কৰাটো বাধ্যতামূলক কৰিছে৷ কোনো বিশেষ কাৰণত পৰিয়ালৰ সৈতে পৃথকে যাত্রা কৰিবলৈ বাছনি সমিতিৰ অধ্যক্ষ, মুখ্য প্রশিক্ষকৰ পৰা অনুমতি ল’ব লাগিব ৩৷ বিচিচিআয়ে খেলুৱৈৰ সামগ্রীৰ ক্ষেত্রতো সীমা নির্ধাৰণ কৰিছে৷ কোনো শৃংখলাৰ বাবে ভ্রমণৰ সময়ত যদি তেওঁলোকে সীমাৰ বাহিৰত সামগ্রী নিব বিচাৰে, তাৰ বাবে নিজাকৈ খৰচ বহন কৰিব লাগিব৷ ব’ৰ্ডৰ নির্দেশনা অনুসৰি ৩০ দিনতকৈ অধিক সময়ৰ বিদেশ ভ্রমণৰ বাবে খেলুৱৈয়ে ১৫০ কিলোগ্রাম পর্যন্ত ওজন কঢ়িয়াই নিব পাৰিব৷ যদি ভ্রমণ ৩০ দিনতকৈ কম সময়ৰ হয়, তেতিয়া খেলুৱৈসকলক ১২০ কিলোগ্রামলৈকে ওজনৰ অনুমতি দিয়া হ’ব ৪৷ এতিয়াৰ পৰা কোনো খেলুৱৈয়ে শৃংখলাৰ সময়ত নিজৰ ব্যক্তিগত কর্মচাৰী যেনে– চেফ, পাৰ্ছনেল মেনেজাৰ, প্রশিক্ষক, সচিব বা কোনো সহায়ক লগত লৈ যাব নোৱাৰে ৫৷ খেলুৱৈসকলে বেংগালুৰুৰ বিচিচিআই চেণ্টাৰ অৱ এক্সেলেঞ্চলৈ যিকোনো ব্যক্তিগত সামগ্রী বা সঁজুলি প্রেৰণ কৰিবলৈ দল পৰিচালনা কৰা ব্যক্তিৰ সৈতে কথা পাতিব লাগিব৷ যদি কোনো অতিৰিক্ত খৰচ হয়, তেন্তে তেওঁলোকে নিজেই বহন কৰিব লাগিব ৬৷ কঠোৰ স্থিতি গ্রহণ কৰি ব’র্ডে স্পষ্টকৈ উল্লেখ কৰিছে যে এতিয়াৰ পৰা খেলুৱৈসকলে সমগ্র অনুশীলনৰ সময়ত একেলগে থাকিব লাগিব আৰু একেলগে যাত্রা কৰিব লাগিব৷ সময়ৰ পূর্বে কোনো খেলুৱৈয়ে অনুশীলন এৰিব নোৱাৰিব ৭৷ বিচিচিআইৰ নতুন নিয়ম অনুসৰি কোনো ভ্রমণ বা শৃংখলাৰ সময়ত খেলুৱৈয়ে ব্যক্তিগত বিজ্ঞাপন শ্বুটিং কৰিব নোৱাৰিব ৮৷ যদি দলে ৪৫ দিন বা তাতকৈ অধিক সময় বিদেশ ভ্রমণলৈ যায়, সেই ভ্রমণত যিকোনো খেলুৱৈৰ পত্নী, সংগী বা পৰিয়ালে তেওঁৰ লগত মাত্র ১৪ দিনহে থাকিব পাৰিব ৯৷ অফিচিয়েল এড শ্বুট, প্রচাৰমূলক কার্যকলাপ বা ব’ৰ্ডৰ যিকোনো অনুষ্ঠানত খেলুৱৈসকলে উপস্থিত থকাটো বাধ্যতামূলক কৰিছে ব’র্ডে ১০৷ ইয়াৰ উপৰি মেচ বা শৃংখলা যদি সোনকালে শেষ হয়, তেতিয়া সকলোৱে নির্দিষ্ট পৰিকল্পনা অনুসৰি যাত্রা কৰিব৷ সময়ৰ পূর্বে কোনো সদস্যই দল এৰিব নোৱাৰে, অর্থাৎ প্রতিগৰাকী সদস্য দলৰ লগত থাকিব লাগিব৷

You might also like