বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী : পার্থ টেষ্টলৈ সাজু আঘাতজর্জৰ টীম ইণ্ডিয়া
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ পার্থত ভাৰত–অষ্ট্রেলিয়াৰ মাজত আৰম্ভ হ’ব ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ প্রথমখন টেষ্ট৷ পার্থ টেষ্টলৈ মাজতে মাথোঁ দুটা দিন বাকী থকা অৱস্থাত টীম ইণ্ডিয়াৰ সন্মুখত দেখা দিছে বৃহৎ প্রত্যাহ্বান৷ দলটোৰ কেইবাগৰাকীও আগশাৰীৰ বেটাৰে টেষ্টখনত অংশগ্রহণৰ পৰা বিৰত থকাটো ইতিমধ্যে নিশ্চিত হৈছে৷ তাৰ ভিতৰত আছে অধিনায়ক ৰোহিত শর্মা, শুভমন গিলকে ধৰি আন কেইবাগৰাকীও খেলুৱৈ৷ এহ অনাকাংক্ষিত পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি দলটোৱে মূল একাদশত সালসলনি ঘটোৱাৰ সম্ভাৱনা আছে৷ বিশেষকৈ বেটিং লাইনআপত সালসলনি কৰাৰ সম্ভাৱনা আছে টীম ইণ্ডিয়াই৷ ভাৰতৰ অধিনায়ক ৰোহিত শর্মাই প্রথমখন টেষ্টত অংশগ্রহণ নকৰাটো একপ্রকাৰ নিশ্চিত হৈছে৷ কিছুদিন পূর্বে ৰোহিতৰ ঘৰলৈ আগমন ঘটিছে পুত্র সন্তানৰ৷ যাৰ বাবে ক্রিকেটাৰগৰাকীয়ে পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ বাবে ভাৰততে থকাটো সিদ্ধান্ত লৈছে৷ ৰোহিতৰ অনুপস্থিতিত দলৰ অধিনায়কত্বৰ ভাৰ দিয়া হৈছে যশপ্রীত বুমৰাহৰ ওপৰত৷ নতুন দায়িত্ব পালন কৰিবলৈ সম্পূর্ণৰূপে সাজু হৈছে টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰগৰাকী৷ পার্থ টেষ্টত ৰোহিত শর্মা আৰু শুভমন গিলৰ স্থানত টীম ইণ্ডিয়াই কাক অন্তর্ভুক্ত কৰিব, সেয়া এতিয়াও নিশ্চিত হোৱা নাহ৷ শুভমন গিলৰ আঙুলিত ফাট মেলাৰ ফলত দলে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ যাৰ ফলত ভাৰতীয় বেটিং লাহনআপত যথেষ্ট পার্থক্য পৰিলক্ষিত হ’ব৷ পার্থ টেষ্টত টীম ইণ্ডিয়াই মূল একাদশত কাক স্থান দিব, তাক লৈ পৰিছে সমস্যাত৷ যশস্বী জয়ছোৱালে দলৰ ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে৷ সোঁহতীয়া তাৰকা বেটাৰ লোকেশ ৰাহুলে যশস্বী জয়ছোৱালৰ সৈতে হনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে৷ ৰাহুলে পূর্বেও অষ্ট্রেলিয়াত দলৰ ইনিংছ মুকলি কৰিছিল৷ অষ্ট্রেলিয়া ‘এ’ৰ বিৰুদ্ধে অনানুষ্ঠানিক টেষ্টত কম ৰান সংগ্রহ কৰা সত্ত্বেও ৰাহুলে টীম মেনেজমেণ্টৰ সমর্থন লাভ কৰে৷ ইপিনে তাৰকা বেটাৰ বিৰাট কোহলিয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা শেহতীয়া তিনিখনীয়া টেষ্ট শৃংখলাত মাত্র ৯৩ ৰান সংগ্রহ কৰিছিল৷ সম্প্রতি পার্থ টেষ্টৰ পূর্বেও ক্রিকেটাৰগৰাকী নিজৰ ফর্মত নাই বুলিব পাৰি৷ প্রাক্তন ভাৰতীয় অধিনায়কগৰাকীয়ে চলিত বছৰত মাত্র এটা অর্ধশতক অর্জন কৰিছে৷ আগন্তুক শৃংখলাত ভাৰতৰ জয়ৰ বাবে কোহলিৰ বেটৰ পৰা ৰান সংগ্রহ হোৱাটো অতিকৈ প্রয়োজন৷ গিলৰ আঘাতৰ বাবে কোহলিক তিনি নম্বৰত দলে বেটিং কৰিবলৈ পঠোৱাৰ সম্ভাৱনা আছে৷ অষ্ট্রেলিয়াত ক্রিকেটাৰগৰাকীয়ে বেটিং কৰাৰ পূর্ব অভিজ্ঞতাও যথেষ্ট আছে৷ ক্রিকেট কিংবদন্তি আৰু বিশেষজ্ঞসকলে বিশ্বাস কৰে যে অষ্ট্রেলিয়াৰ বিৰুদ্ধে আগন্তুক শৃংখলাত বাঁওহতীয়া উইকেটকীপাৰ–বেটাৰ্ ঋষভ পণ্টৰ ভূমিকা হ’ব অতি গুৰুত্বপূর্ণ৷ মিডল অর্ডাৰ শক্তিশালী কৰিবলৈ পার্থ টেষ্টত পণ্টক চাৰি নম্বৰত বেটিং কৰিবলৈ সুযোগ দিয়া হ’ব পাৰে৷ পণ্টৰো অষ্ট্রেলিয়াত খেলাৰ যথেষ্ট অভিজ্ঞতা আছে৷ যোৱাবাৰ গাব্বাত পণ্টে খেলা বিজয়ী ইনিংছ এতিয়াও ক্রিকেট অনুৰাগীৰ মনত আছে৷ পার্থ টেষ্টৰ বাবে ভাৰতৰ সম্ভাব্য মূল একাদশ দলটো হ’ল– যশস্বী জয়ছোৱাল, কে এল ৰাহুল, বিৰাট কোহলি, ঋষভ পণ্ট (উইকেটকীপাৰ), ধ্রুৱ জুৰেল, ছৰফৰাজ খান, নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্র জাদেজা৷ ৱাশ্বিংটন সুন্দৰ, যশপ্রীত বুমৰাহ (অধিনায়ক), মহম্মদ চিৰাজ আৰু আকাশদীপ৷