নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী : দ্বিতীয় টেষ্টতো অনিশ্চিত শুভমন গিল

নিউজ ডেস্ক, ২৮ নৱেম্বৰ : ঘৰুৱা দল অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলি থকা ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টতো অংশগ্রহণ অনিশ্চিত হৈ পৰিছে টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ শুভমন গিলৰ৷ পার্থত হৈ যোৱা প্রথমখন টেষ্টৰ পূর্বে হাতৰ বুঢ়া আঙুলিত আঘাত পাইছিল৷ সেই আঘাতৰ বাবে গিলে প্রথমখন টেষ্টত অংশগ্রহণ কৰিব পৰা নাছিল৷ এতিয়া এডিলেইডত দিবা–নৈশভাৱে হ’বলগীয়া দ্বিতীয়খন টেষ্টতো অংশগ্রহণ অনিশ্চিত হৈ পৰিছে তাৰকা বেটাৰগৰাকীৰ৷ এডিলেইড টেষ্টৰ পূর্বে ভাৰতীয় দলটোৱে কেনবেৰাত শনিবাৰৰ পৰা দুদিনীয়া ৱার্মআপ মেচ এখনত ভাগ ল’ব৷ উক্ত মেচখনতো খেলাৰ সম্ভাৱনা নাই গিলৰ৷ বিচিচিআইৰ এজন বিষয়াই কয় যে আঘাতৰ বাবে গিলক চিকিৎসকে প্রায় দুসপ্তাহ জিৰণি ল’বলৈ উপদেশ দিছে৷ গতিকে এই সপ্তাহৰ শেষত হ’বলগীয়া ৱার্মআপ মেচখনত খেলিব নোৱাৰিব৷ দ্বিতীয়খন টেষ্টত খেলিব পাৰিব নে নাই এতিয়াও জানিব পৰা হোৱা নাই বুলি উল্লেখ কৰে ব’ৰ্ডৰ বিষয়াগৰাকীয়ে৷ উল্লেখ্য যে দ্বিতীয়খন টেষ্ট ৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব৷

You might also like