নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃৰ মৃত্যু : ঘৰলৈ উভতিল বলিং প্রশিক্ষক মর্নে মর্কেল

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ মাজত মাত্র কেইটামান ঘণ্টা৷ আজিৰে পৰা আৰম্ভ হ’ব বহু প্রতীক্ষিত আইচিচি চেম্পিয়নছ ট্ৰফী৷ প্রতিযোগিতাখনৰ প্রাক্ক্ষণত ভাৰতীয় ক্রিকেট দলটো এক ডাঙৰ বিপদৰ সন্মুখীন হৈছে৷ ডুবাইৰ পৰা ঘৰলৈ উভতি আহিছে টীম ইণ্ডিয়াৰ বলিং প্রশিক্ষক মর্নে মর্কেল৷ বলিং প্রশিক্ষকগৰাকীয়ে জনোৱা অনুসৰি, ব্যক্তিগত কাৰণত তেওঁ ডুবাইৰ পৰা ঘৰলৈ উভতি আহিছে৷ একাংশৰ মতে, মর্কেলৰ পিতৃৰ মৃত্যু হৈছে, যাৰ বাবে তেওঁ চেম্পিয়নছ ট্ৰফীৰ পূর্বে ঘৰলৈ উভতি আহিছে৷ খবৰ অনুসৰি ১৭ ফেব্রুৱাৰীত টীম হণ্ডিয়াৰ অনুশীলনৰ সময়তো তেওঁ উপস্থিত নাছিল৷ একাংশই দাবী কৰা অনুসৰি, ১৬ ফেব্রুৱাৰীৰ বিয়লি টীম ইণ্ডিয়াৰ অনুশীলনৰ সময়ত মর্কেল উপস্থিত আছিল৷ কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই যে দক্ষিণ আফ্রিকাৰ প্রাক্তন ক্রিকেটাৰ তথা টীম ইণ্ডিয়াৰ বলিং প্রশিক্ষকগৰাকীৰ প্রকৃততে কি হৈছে৷ একাংশৰ মতে, প্রশিক্ষকগৰাকীৰ পিতৃৰ মৃত্যু হৈছে৷ তেনে পৰিস্থিতিত চেম্পিয়নছ ট্ৰফীৰ সময়ত মর্কেলে পুনৰ টীম ইণ্ডিয়াত যোগদান কৰিব নে নাই, সেই সন্দর্ভত কোনো খবৰ এতিয়ালৈকে প্রকাশ পোৱা নাই৷ পৰৱর্তী সময়ত ইয়াৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷

You might also like