নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তাৰকা নেইমাৰ অবিহনে ব্রাজিলৰ নতুন যুগ আৰম্ভ

প্রথম বিদেশী প্রশিক্ষক হিচাপে দায়িত্ব গ্রহণ ইটালীৰ বর্ষীয়ান প্রশিক্ষক কার্লো আনছেল’ট্টিৰ

তাৰকা নেইমাৰ অবিহনে ব্রাজিলৰ নতুন যুগ আৰম্ভ

নিউজ ডেস্ক, ২৮ মে’ : ব্রাজিল ফুটবলত সূচনা হ’ল নতুন যুগৰ৷ ব্রাজিলৰ ৰাষ্ট্রীয় ফুটবল দলৰ প্রথম বিদেশী প্রশিক্ষক হিচাপে দায়িত্ব গ্রহণ কৰিলে ইটালীৰ বর্ষীয়ান প্রশিক্ষক কার্লো আনছেল’ট্টিয়ে৷

দায়িত্ব গ্রহণৰ কিছু সময়ৰ ভিতৰতে আসন্ন বিশ্বকাপৰ যোগ্যতা নির্ণয় ৰাউণ্ডৰ দুখন মেচৰ বাবে ব্রাজিলৰ ২৫জনীয়া দল ঘোষণা কৰে তেওঁ৷ তেওঁ ঘোষণা কৰা দলত সুযোগ লাভ কৰিছে দীর্ঘদিন ৰাষ্ট্রীয় দলৰ পৰা বাহিৰত থকা কাছেমিৰ’ৱে৷ প্রশিক্ষকগৰাকীয়ে ঘোষণা কৰা নতুন দলত আছে এণ্টনি৷ সুযোগ লাভ কৰিছে ৰিছার্লিছনে৷

অৱশ্যে নেইমাৰে এই দলত সুযোগ পোৱা নাই৷ প্রশিক্ষকগৰাকীয়ে কয় – ‘মই বিচাৰোঁ, যিসকল সম্পূর্ণৰূপে সুস্থ হৈ আছে তেওঁলোকে সুযোগ পাওক৷ নেইমাৰ সম্প্রতি আঘাতত ভুগি আছে৷ অৱশ্যে সকলোৱে জানে যে নেইমাৰ অতিশয় গুৰুত্বপূর্ণ খেলুৱৈ৷ দললৈ প্রত্যাৱর্তন ঘটাইছে গ’লৰক্ষক এলিছন বেকাৰে৷’ উল্লেখ্য যে প্রশিক্ষকগৰাকী বিমানবন্দৰৰ পৰা ওলাই অহাৰ সময়ত তাত বেছি জনসমাগম নাছিল৷

অলপতে চিডিএফৰ সভাপতি পদৰ বাবে নির্বাচিত হোৱা ছামিৰ জাউদে এনচেলোট্টিক আবেদন জনায়৷ ব্রাজিলত ভৰি দিয়াৰ পিছতে তেওঁক উপহাৰ দিয়া হয় ৯নং জার্ছী৷ সাংবাদিক সন্মিলনত তেওঁ কয় – ‘বিশ্বৰ শ্রেষ্ঠ জাতীয় দলটোৰ প্রশিক্ষকৰ দায়িত্ব পালন কৰাটো সন্মান আৰু গৌৰৱৰ কথা৷ মই বুজিব পাৰিছোঁ ব্রাজিল পুনৰ বিশ্ব চেম্পিয়ন হ’বলৈ বদ্ধপৰিকৰ৷ ময়ো সেই আশাই কৰিছোঁ৷’

You might also like