নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিজভূষণৰ ঘৰতে ৰেষ্টলিং সন্থাৰ কার্যালয়

🔹 উত্থাপিত হৈছিল যৌন নির্যাতনৰ অভিযোগ

নিউজ ডেস্ক, ২৬ জানুৱাৰী : ব্রিজভূষণ চৰণ সিং ভাৰতীয় ৰেষ্টলিং সন্থাৰ সভাপতিৰ দায়িত্বত থকা সময়ত ৰেষ্টলিঙৰ কার্যালয় আছিল তেওঁৰ ঘৰত৷ কিন্তু তেওঁৰ বিৰুদ্ধে যৌন নির্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ পিছত আৰু তেওঁক দায়িত্বৰ পৰা আঁতৰোৱাৰ লগে লগে সলনি হৈছিল কার্যালয়ৰ ঠিকনা৷ বিগত লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা নাছিল ব্রিজভূষণে৷ তেওঁৰ পুত্র কৰণ ভূষণ সিঙে লোকসভা নির্বাচনত উত্তৰ প্রদেশৰ কৈশৰগঞ্জৰ পৰা অৱতীর্ণ হৈ বিজেপিৰ সাংসদ নির্বাচিত হৈছিল৷ ব্রিজভূষণৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত এতিয়াও যৌন নির্যাতনৰ গোচৰ চলি আছে৷ যাৰ বাবে তেওঁৰ সৈতে পোনপটীয়া যোগাযোগ নাই ভাৰতীয় ৰেষ্টলিং সংস্থাৰ৷ কিন্তু তেওঁৰ ঘৰতেই পুনৰ মুকলি কৰা হৈছে ভাৰতীয় ৰেষ্টলিং সন্থাৰ কার্যালয়৷ উল্লেখ্য যে ২০২৩ চনত ৰেষ্টলিং সন্থাৰ কার্যালয় হৰিনগৰলৈ স্থানান্তৰ হৈছিল৷ সেই সময়ত কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ে সংস্থাটোক নিলম্বন কৰিছিল৷

You might also like