নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত উপস্থিত ব্ৰঞ্জজয়ী ভাৰতীয় হকী দল, উষ্ম আদৰণি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ আগষ্টঃ দিল্লীত উপস্থিত হৈছে ভাৰতীয় হকী দল। পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে। দিল্লী বিমানবন্দৰত হকী দলটোক ঢোল বজাই আদৰণি জনোৱা হয়। ১০ আগষ্টত পেৰিছৰ পৰা ভাৰতলৈ উভতি আহিছিল হকী দলটো। ভাৰতলৈ উভতি অহাৰ পিছত হকী দলটোৱে প্ৰথমে অমৃতসৰৰ স্বৰ্ণ মন্দিৰত উপস্থিত হৈছিল। কিন্তু সামৰণী অনুষ্ঠানৰ বাবে দলটোৰ একাংশ খেলুৱৈ পেৰিছত থাকিহে ঘূৰি আহিছিল। ভাৰতীয় হকী দলটোৱে পেৰিছ অলিম্পিকত স্পেইনক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল। স্পেইনৰ বিৰুদ্ধে খেলখনত ভাৰতীয় দলটোৱে ২-১ গ’লত জয়লাভ কৰি ইতিহাসৰ সৃষ্টি কৰিছিল। পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটোৱে ইতিহাস সৃষ্টি কৰি ৫২ বছৰৰ পাছত একেৰাহে অলিম্পিক পদক লাভ কৰে। ইয়াৰ পূৰ্বে ২০২১ চনত অনুষ্ঠিত টকিঅ’ অলিম্পিকতো হকী দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। পেৰিছ অলিম্পিকত অনুষ্ঠিত হোৱা ব্ৰঞ্জৰ পদক মেচখনত হকী দলৰ কিংবদন্তি গ’লৰক্ষক পি আৰ শ্ৰীজেশে নিজৰ কেৰিয়াৰৰ অন্তিমখন খেল খেলিছিল। পেৰিছত ব্ৰঞ্জৰ পদক লাভ কৰি অৱসৰ লয় পি আৰ শ্ৰীজেশে। অলিম্পিকৰ সামৰণী অনুষ্ঠানত শ্বুটাৰ মনু ভাকেৰৰ সৈতে পতাকাবাহী হিচাপেও দেখা গ’ল পি আৰ শ্ৰীজেশক। উল্লেখযোগ্য যে পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল। পুল-বিত উপস্থিত আছিল ভাৰতীয় দলটো। টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিছিল, য’ত ৩-২ গ’লত জয়লাভ কৰিছিল। ইয়াৰ পিছত টীম ইণ্ডিয়াই পৰৱৰ্তী মেচখন আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিছিল, যিখন খেল ড্ৰ’ হৈছিল। তাৰ পিছত টীম ইণ্ডিয়াই আয়াৰলেণ্ডক পৰাস্ত কৰি পৰৱৰ্তী মেচত বেলজিয়ামক পৰাস্ত কৰে। তাৰ পিছত পৰৱৰ্তী মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কোৱাৰ্টাৰ ফাইনেলত গ্ৰেট ব্রিটেইনক পৰাস্ত কৰে ভাৰতে। তাৰ পিছত ছেমিফাইনেলত জাৰ্মানীৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল টীম ইণ্ডিয়াই। তাৰ পিছত ব্ৰঞ্জৰ পদক মেচত স্পেইনক পৰাস্ত কৰিছিল।

You might also like