সর্বাধিক আইচিচি ৰেটিং পইণ্টেৰে প্রথম ভাৰতীয় হিচাপে নজিৰ বুমৰাহৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জানুৱাৰীঃ ছিডনী টেষ্টৰ পূর্বে ইতিহাসৰ পৃষ্ঠাত টীম ইণ্ডিয়াৰ তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহ৷ ভাৰতীয় বলাৰৰ মাজত ৰেটিং পইণ্টৰ ক্ষেত্রত বুমৰাহে সর্বকালৰ অভিলেখ ভংগ কৰে৷ আইচিচিৰ টেষ্ট ৰেংকিঙত শীর্ষস্থান দখল কৰা প্রথমজন ভাৰতীয় পেচাৰ হিচাপে পৰিগণিত হোৱা বুমৰাহে এইবাৰ ৰেটিং পইণ্ট ৯০৭ত উপনীত হয়৷ ইয়াৰ পূর্বে আন কোনো ভাৰতীয় বলাৰ ৰেটিং পইণ্টৰ ক্ষেত্রত ইমান উচ্চতা লাভ কৰা নাই৷ মেলব’ৰ্ন টেষ্টৰ পূর্বে বুমৰাহৰ ৰেটিং পইণ্ট আছিল ৯০৪৷ যিটো ৰবিচন্দ্রন অশ্বিনৰ কেৰিয়াৰৰ শ্রেষ্ঠ ৰেটিং পইণ্টৰ সমান আছিল৷ মেলব’ৰ্ন টেষ্টৰ দুটা ইনিংছত ৯টা উইকেট দখল কৰি বুমৰাহে অশ্বিনৰ ৰেটিং পইণ্ট অতিক্রম কৰে৷ বর্তমান তেওঁৰ ৰেটিং পইণ্ট ৯০৭৷ টেষ্ট বলাৰৰ ৰেংকিঙত বুমৰাহৰ নিকটতম প্রতিদ্বন্দ্বী হৈছে অষ্ট্রেলিয়াৰ জ’ছ হেজলউড৷ হেজলউডৰ ৰেটিং পইণ্ট হৈছে ৮৪৩৷ বর্তমান বুমৰাহৰ চকু সর্বকালৰ মহান খেলুৱৈসকলৰ ওপৰত৷ এতিয়ালৈকে আইচিচিৰ ৰেটিঙত সর্বোচ্চ পইণ্ট লাভ কৰাৰ গৌৰৱ অর্জন কৰি আছে ইংলেণ্ডৰ প্রাক্তন পেচাৰ ছিডনী বার্নছে (৯৩২), জর্জ ল’মেনে (৯৩১), পাকিস্তানৰ ইমৰান খান (৯২২) আৰু শ্রীলংকাৰ মুটিয়া মুৰালিথাৰণে (৯২০)৷ বুমৰাহে যদি নিজৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব পাৰে, তেন্তে তেওঁ সেই উচ্চতাত উপনীত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ চলিত বর্ডাৰ–গাভাস্কাৰ ট্ৰফীত বুমৰাহ দুর্দান্ত ফর্মত আছে৷ শৃংখলাটোৰ হৈ যোৱা চাৰিখন টেষ্টত তেওঁ ৩০টা উইকেট দখল কৰিছে৷ ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ছিডনী টেষ্টত বুমৰাহে আন এক অভিলেখ ভংগ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ ছিডনীত যদি তেওঁ তিনিটা উইকেট দখল কৰে তেন্তে তেওঁ ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ ইতিহাসত সর্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হ’ব৷ তেওঁ হৰভজন সিঙক অতিক্রম কৰিব৷ ২০০০–০১ চনৰ ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীত ৩২টা উইকেট দখল কৰিছিল হৰভজনে৷ চলিত শৃংখলাটোৰ চাৰিখন টেষ্টত বুমৰাহে ৩০টা উইকেট দখল কৰিছে৷ অর্থাৎ শেষৰ টেষ্টত যদি তেওঁ মাত্র ৩টা উইকেট লয় তেন্তে তেওঁ হৰভজনক অতিক্রম কৰিব৷