নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰে ঘৰুৱা শৃংখলাত অনিশ্চিত বুমৰাহ

🔹 যশপ্রীতৰ আঘাতক লৈ মৌন বিচিচিআই

নিউজ ডেস্ক, ৭ জানুৱাৰী : আলহী দল ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া আগন্তুক সীমিত অভাৰৰ শৃংখলাত বিশ্রাম দিয়াৰ পূর্ণ সম্ভাৱনা আছে টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহক৷ আগন্তুক আইচিচি চেম্পিয়নছ ট্রফীৰ প্রতি লক্ষ্য ৰাখি বুমৰাহক জিৰণি দিয়া হ’ব৷ অষ্ট্রেলিয়াৰ বিপক্ষে সদ্যসমাপ্ত পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোত ১৫০ অভাৰ বলিং কৰিছিল বুমৰাহে৷ প্রয়োজনতকৈ অধিক বোজা বহন কৰাৰ বাবেই সদ্যসমাপ্ত ছিডনী টেষ্টৰ দ্বিতীয় দিনা পিঠিৰ আঘাতৰ সমস্যাত ভুগিছিল তাৰকা পেচ বলাৰগৰাকী৷ টেষ্টখনৰ দ্বিতীয় দিনা ভোজন বিৰতিৰ পিছত এটা অভাৰ বল কৰিয়েই চিকিৎসকৰ সৈতে খেলপথাৰ ত্যাগ কৰিছিল বুমৰাহে৷ পিঠিৰ আঘাতৰ সমস্যাৰ বাবে বুমৰাহে টেষ্টখনৰ দ্বিতীয় ইনিংছত বলিং কৰাৰ পৰা বিৰত থাকে৷ এই পিঠিৰ আঘাতৰ বাবেই ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া পাঁচখনীয়া টি–২০ মেচ আৰু তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোত অংশগ্রহণ অনিশ্চিত হৈ পৰিছে৷ ২২ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোত বুমৰাহে অংশগ্রহণ নকৰাটো একপ্রকাৰ খাটাং হৈ পৰিছে বুলি সংবাদ প্রতিষ্ঠানৰ সূত্রত সদৰী৷ অৱশ্যে তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ এখন বা দুখন মেচত ভাগ লোৱাৰ সম্ভাৱনা আছে তাৰকা পেচ বলাৰগৰাকীৰ৷ ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া চেম্পিয়নছ ট্রফীৰ প্রতি লক্ষ্য ৰাখি বুমৰাহে এদিনীয়া শৃংখলাটোৰ এখন বা দুখন মেচত ভাগ লোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে আঘাতৰ মাত্রাক লৈহে বুমৰাহৰ এদিনীয়া শৃংখলাটোত অংশগ্রহণ সন্দর্ভত স্থিতি নির্ণয় হ’ব৷ মন কৰিবলগীয়া যে বুমৰাহৰ আঘাত সন্দর্ভত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে এতিয়ালৈকে কোনো স্পষ্ট মন্তব্য আগবঢ়োৱা নাই৷ পিঠিৰ আঘাতৰ কেইবাটাও পর্যায় থাকে৷ যদি গ্রেড–১ কেটেগৰীত আঘাত পায়, তেন্তে খেলুৱৈগৰাকীক খেলপথাৰলৈ ঘূৰি অহাৰ বাবে কমেও তিনি সপ্তাহৰ বাবে ৰিহাবৰ প্রয়োজন৷ যদি গ্রেড–২ কেটেগৰীত আঘাত পায়, তেন্তে কমেও ৬ সপ্তাহ খেলপথাৰৰ বাহিৰত থাকিব লাগিব আৰু গ্রেড–৩ৰ আঘাত হ’লে কমেও তিনি মাহ খেলপথাৰৰ বাহিৰত থাকিব লাগিব খেলুৱৈগৰাকী৷ উল্লেখ্য যে পিঠিৰ আঘাতৰ বাবে বুমৰাহ বহুদিন খেলপথাৰৰ বাহিৰত আছিল৷ পিঠিৰ আঘাতৰ অস্ত্রোপচাৰো কৰিছিল তাৰকা পেচ বলাৰগৰাকীয়ে৷ এনে পৰিস্থিতিত ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া ঘৰুৱা শৃংখলাটোত বুমৰাহক জিৰণি দিয়াৰ পূর্ণ সম্ভাৱনা আছে৷ বুমৰাহৰ সৈতে কোনোধৰণৰ ৰিস্ক ল’বলৈ ইচ্ছুক নহয় বিচিচিআই৷

You might also like