ৰাষ্ট্রীয় ক্রিকেট একাডেমীলৈ বুমৰাহ
নিউজ ডেস্ক, ৪ ফেব্রুৱাৰী : আইচিচি চেম্পিয়ন ট্রফীলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত সুস্থ হ’বলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডেও বলাৰগৰাকীক সুস্থ কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে৷ দেওবাৰে সন্ধিয়া বেংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীত উপস্থিত হয় বুমৰাহ৷ তাত তেওঁৰ আঘাতৰ পৰীক্ষা কৰা হ’ব৷ আগন্তুক দুই–তিনি দিন পিছত বুমৰাহৰ চেম্পিয়নছ ট্রফীত অংশগ্রহণ সন্দর্ভত স্থিতি স্পষ্ট হৈ পৰিব৷ বুমৰাহে দুই–তিনি দিন ৰাষ্ট্রীয় ক্রিকেট একাডেমীত থাকিব৷ সেই সময়ছোৱাত তেওঁৰ স্কেন কৰা হ’ব৷ একাডেমীৰ চিকিৎসকে আঘাত পৰীক্ষা কৰি প্রতিবেদন দিব৷ সেই প্রতিবেদন চোৱাৰ পিছত অজিত আগৰকাৰ নেতৃত্বাধীন বাছনি সমিতিয়ে সিদ্ধান্ত ল’ব বুমৰাহে খেলিব পাৰে নে নোৱাৰে৷ ব’র্ডে নিডজিলেণ্ডৰ অস্ত্রোপচাৰ বিশেষজ্ঞ ৰ’ৱান শ্বাডটেনৰ সৈতে যোগাযোগ কৰিছে৷ ২০২২ চনত তেওঁ বুমৰাহৰ অস্ত্রোপচাৰ কৰিছিল৷ যদিহে তেওঁৰ পুনৰ অস্ত্রোপচাৰৰ প্রয়োজন হয় তেন্তে বুমৰাহ নিউজিলেণ্ডৰ চিকিৎসকৰ ওচৰলৈ যাব লাগিব৷ কিন্তু সকলো নির্ভৰ কৰিব পৰীক্ষাৰ প্রতিবেদনৰ ওপৰত৷