নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ প্রথম দুসপ্তাহত অনিশ্চিত বুমৰাহ

🔹 বেংগালুৰুত চলি আছে ৰিহাব

নিউজ ডেস্ক, ৯ মার্চ : ক্রিকেট খেলপথাৰলৈ ঘূৰি আহিবলৈ আৰু কিছু সময়ৰ প্রয়োজন হ’ব টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহক৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত তেওঁ আঘাতপ্রাপ্ত হৈছিল৷ তেওঁ চেম্পিয়নছ ট্ৰফীতো খেলিব নোৱাৰিলে৷ আগন্তুক আইপিএলৰ আৰম্ভণিতে তেওঁ খেলিব নোৱাৰাৰ অধিক সম্ভাৱনা আছে৷ যিটো মুম্বাইৰ বাবে চিন্তাৰ কাৰণ হ’ব পাৰে৷ বেংগালুৰুৰ নেচনেল ক্রিকেট একাডেমীত ৰিহাব চলি আছে বুমৰাহৰ৷ ব’ৰ্ডৰ এজন বিষয়াই কয় যে বুমৰাহৰ ৰিপ’ৰ্ট ঠিকেই আছে৷ একাডেমীখনতো বলিং আৰম্ভ কৰিছে৷ অৱশ্যে আইপিএলৰ আৰম্ভণিতে তেওঁ বলিং কৰাটো কঠিন৷ এপ্রিল মাহৰ প্রথম সপ্তাহত বুমৰাহে খেলপথাৰলৈ উভতি অহাৰ পূর্ণ সম্ভাৱনা আছে৷ মুম্বাইৰ হৈ প্রথম তিনি–চাৰিখন মেচত বুমৰাহৰ অংশগ্রহণ অনিশ্চিত হৈ পৰিছে৷ একাডেমীত বলিং আৰম্ভ কৰিলেও তেওঁ এতিয়াও সম্পূর্ণ শক্তিৰে বলিং কৰা নাই৷ ব’ৰ্ডৰ বিষয়াগৰাকীয়ে লগতে কয় যে কোনো সমস্যা নোহোৱাকৈ একাডেমীত পোনে পোনে বলিং নকৰালৈকে বুমৰাহক মুকলি কৰি দিয়া নহ’ব৷

You might also like