নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেডিংলে টেষ্ট : যুৱ খেলুৱৈৰে সমৃদ্ধ নতুন দল, এতিয়াও শিকি আছে

হেডিংলে টেষ্টত পৰাজয়ৰ পিছত অধিনায়ক গিলৰ মন্তব্য

ইংলেণ্ডৰ বিপক্ষে হেডিংলে টেষ্ট ত টীম ইণ্ডিয়াই এনেদৰে পৰাস্ত হ’ব পাৰে বুলি প্রথম তিনিদিনত কোনেও কল্পনা কৰা নাছিল৷ কিন্তু পঞ্চম তথা অন্তিম দিনা ৫ উইকেটত ইংৰাজ বাহিনীৰ হাতত পৰাজয় স্বীকাৰ কৰিবলগীয়া হ’ল শুভমন গিল বাহিনী৷

হেডিংলে টেষ্টত পৰাজয়ৰ পিছত ভাৰতীয় দলটোৰ অধিনায়ক শুভমন গিলে দলটোৰ সতীর্থসকলক পৰাজয়ৰ বাবে দোষ দিব বিচৰা নাই৷ অধিনায়কগৰাকীয়ে কয় যে যুৱ খেলুৱৈৰে সমৃদ্ধ নতুন দল৷ দলটোৱে এতিয়া শিকিবলৈ আৰম্ভহে কৰিছে৷

টেষ্টখনত পৰাজয়ৰ সন্দর্ভত অধিনায়ক গিলে কয় যে টেষ্টখনৰ দুয়োটা ইনিংছতে নিম্ন ক্রমৰ বেটাৰসকল সম্পূর্ণৰূপে ব্যর্থ হৈছিল৷ প্রথম ইনিংছত ৪১ ৰানত ৬টা আৰু দ্বিতীয় ইনিংছত ৩১ ৰানত পাঁচটা উইকেট হেৰুৱাবলগীয়া হৈছিল৷ পাঁচটাকৈ শতকেও নিম্ন ক্রমৰ বেটাৰৰ দুর্বলতাক সামৰিব পৰা নাছিল৷ আমি ভাবিছিলো প্রথম ইনিংছত ৫০০ৰো অধিক ৰান কৰিব পাৰিম৷

কিন্তু অন্তিম ৫টা উইকেট সোনকালে পতন হয়৷ অৱশেষত আমি ইয়াৰ ফল ভুগিবলগীয়া হয়৷ ইপিনে, মেচখনত কেইবাটাও কেচ আয়ত্ত কৰাত ব্যর্থ হোৱাৰ বাবেই টেষ্টখনত পৰাজয়ৰ আন এক কাৰণ বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে কয় যে যদি ইংলেণ্ডৰ প্রথম ইনিংছত বেন ডাকেটৰ কেচটো যদি ৯৭ ৰানত আয়ত্ত কৰিব পাৰিলোঁহেঁতেন, তেতিয়াহ’লে টেষ্টখনৰ ফলাফল সলনি হ’লেহেঁতেন৷

অৱশ্যে দলটোৰ এনে ব্যর্থতাৰ মাজতো গৌৰৱান্বিত গিল৷ তেওঁ কয় যে আমি কেচ ধৰাত ব্যর্থ হোৱাৰ লগতে ল’ৱাৰ অর্ডাৰ বেটাৰে উন্নত প্রদর্শন কৰিব পৰা নাছিল৷ কিন্তু আমি যি চেষ্টা কৰিলোঁ তাক লৈ গৌৰৱান্বিত৷ তেওঁ লগতে কয় যে সুযোগ সহজে নাহে৷ বিশেষকৈ ইংলেণ্ডৰ মাটিত৷ কিন্তু এই দলটো যুৱ খেলুৱৈৰে সমৃদ্ধ৷ আমি এতিয়াও শিকি আছোঁ৷ আশা কৰোঁ, আগন্তুক মেচত আমি এই ক্ষেত্রসমূহত অধিক উন্নতি কৰিম৷ দেশৰ ক্রিকেট অনুৰাগীসকলেও তাৰেই আশা কৰিছে৷

Niyomiya Barta Desk, Date of Published – 26-06-2025

You might also like