নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ভিনেশ ভোগাটৰ পদক লাভৰ নিশ্চিত সিদ্ধান্ত ঘোষণা CASৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ আগষ্টঃ ভিনেশ ফ’গাট গোচৰত সমগ্ৰ দেশে ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছ (CAS)ৰ পৰা ন্যায়ৰ আশা কৰিছে। আজি CAS-এ ভিনেশৰ গোচৰত সিদ্ধান্ত দিব। ভাৰতীয় সময় অনুসৰি নিশা ৯.৩০ বজাত এই সিদ্ধান্ত আহিব বুলি কোৱা হৈছে। যোৱা ৯ আগষ্টত ভিনেশ ফ’গাটৰ গোচৰক লৈ CASত প্ৰায় তিনি ঘণ্টা ধৰি বিতৰ্ক হৈছিল। ভিনেশৰ গোচৰটো চাইছে দেশৰ প্ৰখ্যাত অধিবক্তা হৰিশ ছালভে। অৱশ্যে গোচৰৰ শুনানি সমাপ্ত হোৱাৰ পাছত ভিনেশ ফ’গাটৰ পৰা তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰিছে CAS। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভিনেশৰ উত্তৰৰ ভিত্তিতহে CAS-এ নিজৰ সিদ্ধান্ত দিব। উল্লেখযোগ্য যে ভাৰতৰ তাৰকা মল্লযুঁজাৰু ভিনেশ ফ’গাটে পেৰিছ অলিম্পিকত ৫০ কেজি মল্লযুঁজত উৎকৃষ্ট প্ৰদৰ্শন দেখুৱাইছিল। ভিনেশে প্ৰথমে চাৰিবাৰৰ বিশ্ব চেম্পিয়ন তথা যোৱা অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ীগৰাকীক পৰাস্ত কৰাৰ পিছত কোৱাৰ্টাৰ ফাইনেল আৰু ছেমিফাইনেলত প্ৰৱেশ কৰিছিল। এইদৰে ভিনেশে ফাইনেলত প্ৰৱেশ কৰিছিল। সকলোৱে আশা কৰিছিল ভিনেশৰ পৰা স্বৰ্ণ পদক। ফাইনেলৰ দিনা ভিনেশ ফ’গাটৰ ওজন ১০০ গ্ৰাম বেছি হোৱাৰ বাবে অযোগ্য ঘোষণা কৰা হয়। ইয়াৰ পিছত ভিনেশে CASৰ ওচৰত আবেদন জনাইছিল আৰু ৰূপৰ পদক বিচাৰিছিল। এতিয়া আজি CAS য়ে নিজৰ সিদ্ধান্ত দিব। সমগ্ৰ দেশে CASৰ পৰা ৰূপৰ পদক আশা কৰিছে। যদিহে ভিনেশে পায় তেন্তে পেৰিছ অলিম্পিকত দেশৰ সপ্তমটো পদক হ’ব।

You might also like