মূল একাদশত স্থান নোপোৱাকৈ ৩টা উইকেট দখল চাহালৰ
নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ ঘৰুৱা দল অষ্ট্রেলিয়াৰে কালি কেনবেৰাত খেলা প্রথমখন টি–২০ মেচত ভাৰতীয় দলটোৰ মূল একাদশত স্থান লাভ কৰিবলৈ সক্ষম নোহোৱা স্পীনাৰ য়ুজবেন্দ্র চাহালে মেচখনত তিনিটাকৈ উইকেট লৈ ভাৰতীয় দলটোৰ জয়ত মুখ্য ভূমিকা পালন কৰে৷
এতিয়া প্রশ্ন হ’ল– ভাৰতীয় দলটোৰ মূল একাদশত স্থান লাভ নকৰাকৈ কেনেকৈ খেলিবলৈ সক্ষম হ’ল চাহাল? মেচখনত বেটিং কৰাৰ সময়ত অলৰাউণ্ডাৰ জাদেজা আঘাতপ্রাপ্ত হয় আৰু অষ্ট্রেলিয়াৰ ইনিংছটোত তেওঁ ফিল্ডিং কৰিবলৈ অসমর্থ হয়৷ ফলত আই চি চিৰ কনকাছন নিয়ম অনুসৰি আঘাতপ্রাপ্ত বা অচেতন হোৱা খেলুৱৈগৰাকীৰ স্থানত সমপর্যায়ৰ খেলুৱৈক অন্তর্ভুক্ত কৰিব পাৰি৷ ফলস্বৰূপে জাদেজাৰ স্থানত চাহালক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হয় আৰু মেচখনত চাহালে তিনিটা উইকেট লয়৷