নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

WTCলৈ প্ৰত্যাহ্বান : দেওবাৰ- ভাৰতীয় ক্রিকেটৰ ক’লা দিন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ডিচেম্বৰঃ সন্মুখত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ। তালৈ নামি আহিছে একপ্ৰকাৰ প্ৰত্যাহ্বান। নিউজিলেণ্ডৰে ৩-০ৰ ব্যৱধানত পৰাস্ত হোৱাৰ পিছত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ প্ৰথম পাৰ্থ টেষ্টত উজলি উঠা টীম ইণ্ডিয়াই পিংক বল টেষ্টত নিৰ্লজ্জ আত্মসমৰ্পণ কৰিলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। ব্যৰ্থ সকলো বেটছমেন। নচমকিল বলাৰৰ যাদু। সেই হেতু সন্মুখত থকা বাকী তিনি মেচত বিজয় অনিবাৰ্য টীম ইণ্ডিয়াৰ। নহলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ৰদ্ধ হব ৰোহিত বাহিনীৰ। এডিলেইডত অনুষ্ঠিত দিবা–নৈশ টেষ্টত তিনি দিনতে আত্মসমর্পণ কৰিলে টীম ইণ্ডিয়াই৷ টেষ্টখনত ঘৰুৱা দল অষ্ট্রেলিয়াই ১০ উইকেটত সহজ বিজয় সাব্যস্ত কৰি পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটো ১–১ত সমতা স্থাপন কৰে৷ টেষ্টখনত ৰোহিত বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া মাত্র ১৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অষ্ট্রেলিয়াই তৃতীয় দিনা ৩.২ অভাৰতে কোনো উইকেট নেহেৰুৱাকৈ জয়ৰ লক্ষ্যত উপনীত হয়৷ ইয়াৰ পূর্বে দ্বিতীয় দিনা ৫ উইকেটত কৰা ১২৮ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি তৃতীয় দিনা দলীয় স্ক’ৰত ৪৭ ৰান সংযোগ কৰি বাকীকেইটা উইকেট হেৰুৱায়৷ আগদিনা ২৮ ৰানত অপৰাজিত হৈ থকা ঋষভ পণ্টে কোনো ৰান নকৰাকৈ বিদায় লয়৷ ইফালে, আগদিনা ১৫ ৰানত বেটিং কৰি থকা নীতিশ কুমাৰ ৰেড্ডীয়ে ৪২ ৰান কৰি পেভিলিয়নমুখী হয়৷ প্রথম ইনিংছৰ দৰে দ্বিতীয় ইনিংছতো নীতিশে ভাৰতীয় দলটোৰ হৈ সর্বাধিক ৰান কৰে৷ ইফালে, অশ্বিনে ৭, হর্ষিত ৰাণাই ০, চিৰাজে ৭ আৰু বুমৰাহে ২ ৰান কৰি অপৰাজিত হৈ থাকে৷ ভাৰতীয় দলটোৱে ১২.৫ অভাৰত বাকীকেইটা উইকেট হেৰুৱায়৷ অষ্ট্রেলিয়াৰ হৈ কামিনছে সর্বাধিক ৫টা উইকেট লাভ কৰাৰ লগতে স্ক’ট ব’লাণ্ডে ৩টা আৰু মিচেল ষ্টার্কে ২টা উইকেট লাভ কৰে৷ উল্লেখ্য যে ভাৰতে প্রথম ইনিংছত ১৮০ ৰান কৰাৰ প্রত্যুত্তৰত অষ্ট্রেলিয়াই ৩৩৭ ৰানত প্রথম ইনিংছ সামৰিছিল৷

You might also like