নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপেক্ষাৰ অন্ত পেলাই স্বদেশত উপস্থিত চেম্পিয়ন টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ জুলাইঃ টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি চেম্পিয়ন হৈছিল ১৭ বছৰৰ অন্তত। তেতিয়াৰ পৰাই ভাৰতীয় অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল চেম্পিয়ন ভাৰতীয় ক্ৰিকেট দলটোৱে টি-২০ বিশ্বকাপৰ ট্ৰফী লৈ দেশলৈ উভতি অহাৰ বাবে। অপেক্ষাৰ অন্ত পেলাই আজি পুৱা ৰোহিত শৰ্মাৰ চেম্পিয়ন দল দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। ভাৰতীয় দলটোক আদৰণি জনাই বিমানবন্দৰত এক বৃহৎ অনুৰাগীৰ ভিৰ সমবেত হৈছিল। বিমানবন্দৰত অনুৰাগীৰ বিপুল ভিৰ সমবেত হৈ চেম্পিয়নসকলক আদৰণি জনায়। ভাৰতীয় ক্ৰিকেট দলটোৱে টি-২০ বিশ্বকাপৰ ট্ৰফী লৈ পুৱা ৬:০৯ বজাত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। সেই সময়ত বাহিৰত অনুৰাগীৰ বিপুল ভিৰ। বিমানবন্দৰ ভাৰত মাতা কী জয়ৰ শ্লোগানেৰে মুখৰ হৈ পৰে। লগতে হাতে হাতে উৰে ত্ৰিৰংগ পতাকা। অনুৰাগীসকলে সম্পূৰ্ণ হৃদয়েৰে সঁহাৰি জনায় যেতিয়া টীম ইণ্ডিয়াই বিমানবন্দৰত অৱতৰণ কৰে তেতিয়া বাহিৰত উপস্থিত থকা অনুৰাগীসকলে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে। উল্লেখ্য যে ধুমুহা বেৰিলত আবদ্ধ হৈ পৰিল চেম্পিয়ন দল ভাৰত টি-২০ বিশ্বকাপ শেষ হোৱাৰ পিছত ধুমুহা বেৰিলৰ বাবে বাৰ্বাডোজৰ ৰাজধানী ব্ৰীজটাউনৰ এখন হোটেলত আবদ্ধ হৈ পৰে। যাৰ বাবে সকলো বিমান যাত্ৰা বন্ধ হৈ যায়। ধুমুহা শান্ত হোৱাৰ পিছত বিশেষ বিমানেৰে টীম ইণ্ডিয়া আজি দিল্লীত উপস্থিত হয়।

You might also like