নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ ট্ৰফী : মৰু চহৰত পাক বধ ৰোহিত বাহিনীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ আঠ বছৰ পূর্বে ইংলেণ্ডৰ অ’ভেলত চেম্পিয়নছ ট্রফীৰ ফাইনেলত ভাৰতক হৰুৱাই চেম্পিয়ন হৈছিল পাকিস্তান৷ ২০১৭ চনৰ সেই মেচৰ প্রতিশোধ ল’লে ভাৰতে৷ এই পৰাজয়ৰ ফলত চলিত চেম্পিয়নছ ট্রফীৰ পৰাই বাহিৰ হোৱাৰ উপক্রম হৈছে পাকিস্তান৷ ছত জয়লাভ কৰি প্রথমে বেটিং কৰি পাক বাহিনীয়ে সংগ্রহ কৰে ২৪১ ৰান৷ বিৰাট কোহলিৰ শতৰানৰ জৰিয়তে ভাৰতে ৪৫টা বল বাকী থকা অৱস্থাতে ৬ উইকেটত বিজয় সাব্যস্ত কৰে৷ এদিনীয়া ক্রিকেটত ৫১সংখ্যক শতৰান অর্জন কৰে কোহলিয়ে৷ পাকিস্তানৰ বিৰুদ্ধে তেওঁৰ ১১১টা বলত সংগ্রহ কৰা শতৰানটোৱে বুজাই দিলে কোহলিৰ ক্রিকেটীয় দক্ষতা৷ মেচ বিজয়ী বাউণ্ডেৰীৰে শতৰান পূর্ণ কৰে কোহলিয়ে৷ ২৪২ ৰানৰ লক্ষ্য সন্মুখত লৈ বেটিং কৰিবলৈ নমা ভাৰতৰ অ’পেনাৰ তথা অধিনায়ক ৰোহিত শর্মাই ১৫টা বলত ২০ ৰান কৰি আউট হয়৷ কোহলিয়ে বেটিং কৰিবলৈ নামি এক–দুই ৰানকৈ ইনিংছ গঢ়িবলৈ আৰম্ভ কৰে৷ সময় বুজি তেওঁ ৰানৰ গতি বৃদ্ধি কৰে। ভাৰতৰ সম্পূর্ণ ইনিংছটো তেওঁক কেন্দ্র কৰিয়েই গঢ়ি উঠে৷ বাংলাদেশৰ বিৰুদ্ধে ভাৰতক বিজয় উপহাৰ দিছিল পেচাৰসকলে৷ পাকিস্তানৰ বিৰুদ্ধে দায়ত্ব ল’লে স্পিনাৰে৷ পাকিস্তানক ২৪১ ৰানত বান্ধি ৰখাৰ নেপথ্যত আছিল কুলদীপ যাদৱহঁতৰ নিখুঁত বলিং৷ বেট হাতত লৈ বাকী কামখিনি কৰিলে বিৰাট কোহলিয়ে৷ ভাৰত–পাকিস্তানৰ মেচ মানেই উত্তেজনা তুংগত৷ আৰম্ভণিতে ডুবাইৰ গেলাৰীৰ কিছু অংশ খালী থাকিলেও পিছত সম্পূর্ণৰূপে পূর্ণ হয়৷ টিভি, ম’বাইলতো খেলৰ ফালে দৃষ্টি ৰাখিছিল দুয়োখন দেশৰ অসংখ্য অনুৰাগীয়ে৷ কিন্তু বেটে–বলে সমানে সমানে যুঁজাৰ আশা পূৰণ নহ’ল অনুৰাগীসকলৰ৷ পৰম্পৰা অনুসৰি আইচিচি প্রতিযোগিতাত আধিপত্য বিস্তাৰ কৰিলে ভাৰতেই৷ আৰম্ভণিতে ৪৮ ৰানৰ ভিতৰত পাকিস্তানে দুটা উইকেট হেৰুৱাইছিল৷ ইয়াৰ পিছতেই মহম্মদ ৰিজৱান (৪৬) আৰু ছাউড ছাকিলে (৬২) ১০৪ ৰানৰ যুটি বান্ধি দলৰ স্থিতি কিছু শক্তিশালী কৰে৷ ভাৰতে ১১ৰ পৰা ৩৩ অভাৰৰ ভিতৰত এটাও উইকেট নাপালেও ৰানো বেছি দিয়া নাছিল৷ ডুবাইৰ ষ্টেডিয়ামত লক্ষ্য অতিক্রম কৰা কঠিন যদিও পিটচখন পূর্বতকৈ কিছু সহজ আছিল বুলি ধাৰণা কৰিব পাৰি৷ তথাপি প্রথমে বেটিং কৰি কোনো দলে ৩০০ ৰান কৰিব পাৰিলে সেই ৰান অতিক্রম কৰা কঠিন হ’লহেঁতেন৷ শেষৰ ফালে মহম্মদ ছামিৰ বলত দুটা ৬ নামাৰিলে পাকিস্তানৰ ৰান সংখ্যা আৰু হ্রাস পালেহেঁতেন৷ ৰিজৱানহঁতৰ ১০৪ ৰানৰ যুটিটো ভাঙি দিয়ে অক্ষৰ পেটেলে৷ ডুবাইত লক্ষ্য অতিক্রম কৰিবলৈ নামি আৰম্ভণিতে ৰোহিতৰ উইকেট হেৰুৱায় ভাৰতে৷ কিন্তু শ্বাহিন শ্বাহ আফ্রিদীৰ বলত আউট হোৱাৰ পূর্বে ২০ ৰান কৰি তেওঁ পাকিস্তানৰ ওপৰত চাপ সৃষ্টি কৰিছিল৷ বাংলাদেশৰ বিপক্ষে শতৰান কৰা শুভমন গিলে ৪৬ ৰান আৰু শ্রেয়ছ আয়াৰে ৫৬ ৰান কৰি দলৰ বিজয়ত অন্যতম ভূমিকা পালন কৰে৷ এই জয়েৰে ভাৰতে প্রতিযোগিতাখনত ছেমিফাইনেল খেলাটো একপ্রকাৰ নিশ্চিত কৰিলে৷

You might also like