চেলছি–লিভাৰপুলৰ সম্পূর্ণ পইণ্ট; পৰাস্ত লেইচেষ্টাৰ
নিয়মীয়া বৰ্তা, ১২ এপ্ৰিলঃ চেলছি আৰু লিভাৰপুলে চলিত ছিজনৰ ইংলিছ প্রিমিয়াৰ লীগৰ যোৱানিশাৰ গুৰুত্বপূর্ণ মেচত বিজয় সাব্যস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰাৰ বিপৰীতে খিতাপ দখলৰ প্রবল দাবীদাৰ মানচেষ্টাৰ চিটী অপ্রত্যাশিত পৰাজয়ৰ সন্মুখীন হৈছে৷ যোৱানিশা অনুষ্ঠিত মেচ এখনত চেলছিয়ে ক্রিষ্টেল পেলেচক সহজেই ৪–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰে৷
বিগত মেচখনত পৰাস্ত হৈ চাপৰ সন্মুখীন হোৱা চেলছিয়ে যোৱানিশা চমকপ্রদ প্রদর্শন দাঙি ধৰি পুনৰ জয়ৰ ধাৰালৈ ওভতে৷ বিজয়ী দলটোৰ হৈ ৮ মিনিটত হাভার্টে, ১০ আৰু ৭৮ মিনিটত পুলচিকে আৰু ৩০ মিনিটত জউমাই গ’ল স্ক’ৰ কৰাৰ বিপৰীতে ক্রিষ্টেল পেলেচৰ হৈ ৬৩ মিনিটত গ’লটো স্ক’ৰ কৰে বেনটেকেই৷ এই জয়েৰে চেলছিয়ে ৩১খন মেচৰ পৰা ৫৪ পইণ্ট সংগ্রহ কৰি পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে৷
ইফালে, যোৱানিশা লিভাৰপুলেও এষ্টন ভিল্লাক ২–১ গ’লত পৰাস্ত কৰে৷ উত্তেজনাপূর্ণ খেলখনৰ দ্বিতীয়ার্ধৰ ইনজুৰি সময়ত আলেকজেণ্ডাৰ আর্নল্ডে লিভাৰপুলৰ হৈ বিজয়সূচক গ’লটো কৰে৷ ৪৩ মিনিটত এষ্টনভিল্লাৰ ৱাটকিনছে দিয়া গ’লটো ৫৭ মিনিটত লিভাৰপুলৰ মহম্মদ ছালাহে পৰিশোধ কৰে৷ ইপিনে, পইণ্ট তালিকাৰ শীর্ষ স্থানত থকা মানচেষ্টাৰ চিটীয়ে লীডছ ইউনাইটেডৰ হাতত ২–১ গ’লত পৰাস্ত হোৱাৰ বিপৰীতে লেইষ্টাৰ চিটীয়েও ৱেষ্টহামৰ হাতত ৩–২ গ’লত পৰাস্ত হয়৷