নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যজুৰি ক’ভিডৰ সংক্রমণ আক্রান্তৰ চিকিৎসাৰ বাবে সাজু ৫০০ বিছনা

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ দেওবাৰে দিনটোত ৰাজ্যত নতুনকৈ আক্রান্ত হৈছে ৩৫২গৰাকী লোক৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত ৭৩,৩২৯জনৰ নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তসকলৰ ১৮৬গৰাকী কামৰূপ মহানগৰ জিলাৰ৷ আনহাতে, আজিৰ দিনটোত আক্রান্তৰ হাৰ হৈছে ০.৪৮ শতাংশ৷ ইপিনে, লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৱর্তী বৰবালিৰ ১ নম্বৰ মটিয়াত ক’ভিডত আক্রান্ত হৈ এজন লোকৰ মৃত্যু হৈছে৷ প্রাপ্ত তথ্য অনুসৰি মৃত লোকজন হৈছে ৫০ বছৰীয়া জিতেন কাকতি৷ মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগত দীর্ঘদিন ধৰি আক্রান্ত হৈ থকা লোকজনক কালি ডিব্রুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ চিকিৎসালয়খনত তেওঁৰ নমুনা পৰীক্ষা কৰোৱাত ক’ভিড পজিটিভ বুলি ধৰা পৰে৷ আজি পুৱা লোকজনৰ মৃত্যু হয়৷

ইফালে, ৰাজ্যৰ আন প্রান্তৰ লগতে ৰাজধানী চহৰ গুৱাহাটীত দ্রুত সংক্রমণ ঘটা পৰিলক্ষিত হৈছে ক’ভিডৰ৷ কালিৰ দিনটোত মুঠ ১৪৫গৰাকী লোক মহানগৰীত ক’ভিডত আক্রান্ত হৈছিল৷  কামাখ্যা মন্দিৰ দর্শন কৰিবলৈ অহা ৫ যাত্রীৰ শৰীৰতো ধৰা পৰিছে ক’ভিডৰ উপস্থিতি৷ প্রশাসনৰ নির্দেশ অনুসৰি কামাখ্যা দেৱালয়লৈ অহা ভক্তসকলৰ নিয়মীয়া ক’ভিড পৰীক্ষাৰ সময়তে তেওঁলোক আক্রান্ত হোৱা বুলি ধৰা পৰে৷ আক্রান্তকেইজনৰ দুগৰাকী গুৱাহাটী আৰু তিনিগৰাকী তিনিচুকীয়াৰ৷ ইফালে, আজি দুপৰীয়াৰ ভাগলৈ গুৱাহাটী ৰে’ল ষ্টেচনৰ নিয়মীয়া পৰীক্ষাত ১৯জন লোক ক’ভিডত আক্রান্ত হোৱা বুলি ধৰা পৰে৷ অৱশ্যে মহানগৰীখনত দ্রুত সংক্রমণ হ’লেও ক’ভিড আক্রান্তক চিকিৎসাৰ বাবে এই মুহূর্তত সকলো সাজু জিলা প্রশাসন৷

ইতিমধ্যে জি এম চি এইচৰ আঢ়ৈশ বিছনাসহ মুঠ ৮০০খন বিছনা সাজু হৈ আছে বুলি সদৰী কৰিছে জি এম চি এইচৰ অধ্যক্ষ ডাঃ অভিজিৎ শর্মাই৷ তেওঁ প্রকাশ কৰা অনুসৰি জি এম চি এইচ, এম এম চি এইচ, কালাপাহাৰ, সোণাপুৰ আৰু শিঙিমাৰী হাস্পতালত এই বিছনাসমূহ সাজু হৈ আছে৷ কেৱল জি এম চি এইচতে সাজু কৰি ৰখা হৈছে আঢ়ৈশ বিছনা৷ কালাপাহাৰত ১৬২খন বিছনাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ১৫৪জন ৰোগী৷ ইপিনে, এম এম চি এইচৰ ৫৫খন বিছনাৰ বিপৰীতে চিকিৎসাধীন হৈছে ৪৮গৰাকী ৰোগী৷ কামৰূপ মহানগৰ জিলাত আক্রান্তসকলৰ অধিকাংশই লক্ষণ নথকা ৰোগী বুলি তেওঁ সদৰী কৰিছে৷
কামৰূপৰ উপায়ুক্ত কৈলাস কার্তিক এন ক’ৰোনা পজিটিভ
সমগ্র ভাৰতবর্ষৰ লগতে অসমতো ক’ৰোনা ভাইৰাছৰ দ্বিতীয়টো ঢ়ৌৱে ক্রমান্বয়ে ভয়াৱহ ৰূপ লোৱাৰ সময়তে কামৰূপ জিলা উপায়ুক্ত কৈলাস কার্তিক এন ক’ৰোনাত আক্রান্ত হৈছে৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ সময়ত অধিক জনসমাগমৰ মাজত সোমাই পৰা উপায়ুক্তগৰাকী ক’ৰোনাত আক্রান্ত হোৱাৰ খবৰে উপায়ুক্ত কার্যালয়ৰ কর্মচাৰীৰ মাজত এক আতংকময় পৰিস্থিতি সৃষ্টি হৈছে৷ বর্তমান উপায়ুক্তগৰাকী হোম আইছ’লেচনত আছে৷
হাজোত দুজন আক্রান্ত
কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তর্গত পশ্চিম বড়িগোগ মৌজাৰ গড়পোত আৰু পূর্ণখুমদুম গাঁৱৰ দুজন ব্যক্তি ক’ভিডত আক্রান্ত হৈছে৷ তেওঁলোক অনিতা ভূঞা (৩০) আৰু হৰেন পাটোৱাৰী (৬২)৷ উল্লেখ্য যে গড়পোত গাঁৱৰ হৰেন পাটোৱাৰী ফাকুৱাৰ সময়ৰ পৰাই জ্বৰ–কাহত আক্রান্ত হৈ আছিল৷ এনেদৰেই অসুস্থ শৰীৰেৰে এটা ৰাজনৈতিক দলৰ হৈ তেওঁ নির্বাচনী প্রচাৰো চলাইছিল৷ দুয়োগৰাকী ৰোগী সম্প্রতি হোম কোৱাৰেণ্টাইনত আছে৷
দুলীয়াজানত তিনি শিক্ষার্থীৰ শৰীৰত ক’ভিড
দুলীয়াজানৰ সমীপৰ ভাদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ তিনিগৰাকী শিক্ষার্থী ক’ভিডত আক্রান্ত হৈছে৷ কালি বিদ্যালয়খনত ক’ভিড পৰীক্ষা কৰাৰ সময়তে তেওঁলোকৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ ইপিনে, অইল আৱাসিক এলেকাৰ ৫গৰাকী ব্যক্তি ক’ভিডত আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে৷
নগাঁৱত পুনৰ ১৮জন আক্রান্ত
নগাঁৱত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৰোনাত আক্রান্তৰ সংখ্যা৷ পুনৰ আজি ১৮জন লোক ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰে চাৰিজনক ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ আন ১৪জনক হোম কোৱাৰেণ্টাইনত ৰখা হৈছে৷ ইয়াৰ লগে লগে জিলাখনত আক্রান্তৰ সংখ্যা ৬১জনলৈ বৃদ্ধি পালে৷
গোসাঁইগাঁৱত তিনি ব্যক্তি আক্রান্ত
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও সদৰ চহৰৰ জয়নগৰ আৰু বাবুবিলৰ তিনিগৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ তেওঁলোক হৈছে হুছেইন আলী, চায়েদ আলী আৰু নাছবানু বিবি৷ তেওঁলোকক হোম কোৱাৰেণ্টাইনত ৰখা হৈছে৷

You might also like