KKRৰ বিৰুদ্ধে ধৰাশায়ী CSK, পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰিলে কেপ্টেইন ধোনীয়ে
আমাৰ অ'পেনাৰবোৰ ভাল। বহুত ভাল শ্বট খেলে, বেটিং বেয়া হোৱাটোৱেই পৰাজয়ৰ কাৰণ
নিউজ ডেস্ক, ১২ এপ্ৰিলঃ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ তীব্ৰ পৰাজয়। এই খেলখনত কেকেআৰে ৮ উইকেটত জয়লাভ কৰে। ২০২৫ চনৰ আই পি এলত প্ৰথমবাৰৰ বাবে অধিনায়ক হিচাপে খেলা মহেন্দ্ৰ সিং ধোনীয়ে চি এছ কেৰ পৰাজয়ৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। পৰাজয়ৰ কাৰণ উল্লেখ কৰি ধোনীয়ে কয় যে দলটোৱে পৰ্যাপ্ত ৰান সংগ্ৰহ কৰিব পৰা নাছিল। এই খেলখনত চেন্নাইয়ে মাত্ৰ ১০৩ ৰানহে কৰিব পাৰিছিল।
পৰৱর্তী অলিম্পিকত ক্রিকেট খেলিব ৬খন দেশে
চেন্নাইৰ পৰাজয়ৰ পিছত ধোনীয়ে কয়, “যোৱা কেইখনমান মেচ আমাৰ বাবে ভাল নাছিল। আমাৰ বাবে এইটো প্ৰত্যাহ্বানজনক আছিল। মই ভাবো আজি আমি পৰ্যাপ্ত ৰান কৰা নাছিলো। যেতিয়া আপুনি বেছি উইকেট হেৰুৱায় তেতিয়া চাপ বাঢ়ি যায়। আমাৰ দলটোৱে আনকি পাৰ্টনাৰশ্বিপ গঠন কৰা নাছিল। আমাৰ অ’পেনাৰবোৰ ভাল। বহুত ভাল শ্বট খেলে। কিন্তু আনকি ৬০ ৰান সংগ্ৰহ কৰাটোও এই লাইনআপৰ সৈতে কঠিন।”
ক’ত ভুল হ’ল চেন্নাই ছুপাৰ কিংছ?
চেন্নাইৰ অধিনায়ক ধোনীয়ে কয় যে দলটোত কোনো পাৰ্টনাৰশ্বিপ নাই। এইটোৱেই আছিল তেওঁৰ পৰাজয়ৰ মূল কাৰণ। অ’পেনাৰ ৰাচিন ৰবীন্দ্ৰই ৪ ৰান সংগ্ৰহ কৰি আউট আৰু কনৱে ১২ ৰান সংগ্ৰহ কৰি আউট হয়। ১৬ ৰান সংগ্ৰহ কৰি আউট হৈছিল ৰাহুল ত্ৰিপাঠী। ২৯ ৰান সংগ্ৰহ কৰি আউট হৈছিল বিজয় শংকৰ। অশ্বিনে মাত্ৰ ১ ৰানহে কৰিব পাৰিছিল। ৰবীন্দ্ৰ জাদেজাই একো কৰিব নোৱাৰিলে। চি এছ কেৰ বেটিং বেয়া হোৱাৰ বাবেই পৰাজয়ৰ কাৰণ হৈ পৰিল।়