কেপটাউনত চিৰাজৰাজ : এদিনতে ২৩ উইকেটৰ পতন
🔹 মাত্র ১১টা বলত ‘০’ ৰানত পেভিলিয়নমুখী ভাৰতৰ ৬গৰাকী বেটাৰ
বিশেষ বাৰ্তা, ৪ জানুৱাৰী : কেপটাউনত চলিল চিৰাজৰাজ৷ কালি কেপটাউনত আৰম্ভ হোৱা টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টৰ প্রথম দিনাই ঘৰুৱা দল দক্ষিণ আফ্রিকাৰ বেটিং লাইনআপ থানবান কৰি দিয়ে টীম ইণ্ডিয়াৰ পেচ বলাৰ মহম্মদ চিৰাজে৷ চিৰাজৰ বিধ্বংসী বলিঙত দক্ষিণ আফ্রিকাই মাত্র ৫৫ ৰানতে প্রথম ইনিংছ সামৰিবলৈ বাধ্য হয়৷ টেষ্ট ক্রিকেটৰ ইতিহাসত দক্ষিণ আফ্রিকাৰ এয়া হ’ল সর্বনিম্ন স্ক’ৰ৷ দলটোৰ মাত্র দুগৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰে৷ কাঈল ভেৰেনিয়ে সর্বাধিক ১৫ ৰান কৰে৷ কেৰিয়াৰশ্রেষ্ঠ বলিং প্রদর্শন দাঙি ধৰি ১৫ ৰানত ছটা উইকেট লাভ কৰে চিৰাজে৷ বুমৰাহ আৰু মুকেশ কুমাৰে দুটাকৈ উইকেট লাভ কৰে৷ ইফালে, প্রথম ইনিংছ মুকলি কৰিবলৈ আহি ভাৰতীয় দলটোৱে আজি ১৫৩ ৰানত প্রথম ইনিংছ সামৰিবলৈ বাধ্য হয়৷ মাত্র ১১টা বলৰ ব্যৱধানত ভাৰতীয় দলটোৰ ছগৰাকীকৈ বেটাৰ কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ টেষ্ট ক্রিকেটত এই অনাকাংক্ষিত নজিৰ গঢ়া টীম ইণ্ডিয়াই হ’ল প্রথমটো দল৷ এটা সময়ত ভাৰতীয় দলটোৰ স্ক’ৰ আছিল ৪ উইকেটত ১৫৩ ৰান৷ কিন্তু এনগিৰি আৰু ৰাবাডাৰ দুর্দান্ত বলিঙত টীম ইণ্ডিয়াৰ অন্তিম ছটা উইকেট পতন হয় ০ ৰানত৷ কোহলিয়ে সর্বাধিক ৪৬ ৰান কৰে৷ অধিনায়ক ৰোহিত শর্মাই ৩৯ আৰু শুভমন গিলে ৩৬ ৰানৰ অৱদান আগবঢ়ায়৷ প্রথম ইনিংছত ভাৰতীয় দলটোৰ ৭ গৰাকী বেটাৰে কোনো ৰান কৰিবলৈ সক্ষম নহ’ল৷ ৰাহুলে ৮ ৰান কৰে৷ ঘৰুৱা দলটোৰ হৈ ৰাবাডা, এনগিৰি আৰু বার্গাৰে ৩টাকৈ উইকেট লয়৷ ইফালে, দ্বিতীয় ইনিংছ মুকলি কৰিবলৈ আহি দক্ষিণ আফ্রিকাই প্রথম দিনৰ খেলৰ অন্তলৈকে ৩ উইকেটত ৬২ ৰান কৰিছে৷ হাতত ৭টা উইকেট থকা অৱস্থাত প্রটিয়াজ বাহিনী এতিয়াও ভাৰতৰ প্রথম ইনিংছৰ ৰানতকৈ ৩৬ ৰানত পিছ পৰি আছে৷ মন কৰিবলগীয়া যে বেটাৰৰ বধ্যভূমিত পৰিণত হোৱা কেপটাউন টেষ্টৰ প্রথম দিনা ২৩টা উইকেটৰ পতন ঘটে৷