বুমৰাহ-ক লৈ ৰিস্ক ল’ব বিচৰা নাই প্রশিক্ষক গম্ভীৰে
আমাৰ বাবে বুমৰাহৰ কামৰ বোজা পৰিচালনা কৰাটো অধিক গুৰুত্বপূর্ণ
ইংলেণ্ডৰ বিৰুদ্ধে প্রথমখন টেষ্টত পৰাস্ত হোৱাৰ পাছতো তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহ ক শৃংখলাটোৰ আটাইকেইখন মেচত খেলোৱাৰ পক্ষপাতি নহয় টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ৷
শৃংখলাটোৰ আটাইকেইখন মেচতে বুমৰাহক খেলিবলৈ দি ৰিস্ক ল’ব বিচৰা নাই প্রশিক্ষকগৰাকীয়ে৷ হেডিংলে টেষ্টত পৰাস্ত হোৱাৰ পাছত সংবাদ মেল সম্বোধন কৰি গম্ভীৰে কয় যে মই ভাবোঁ যে আমাৰ বাবে বুমৰাহৰ কামৰ বোজা পৰিচালনা কৰাটো অধিক গুৰুত্বপূর্ণ৷
কাৰণ সন্মুখত বহুকেইটা গুৰুত্বপূর্ণ সূচী আছে৷ ইংলেণ্ড ভ্রমণলৈ অহাৰ আগতে সিদ্ধান্ত লোৱা হৈছিল যে বুমৰাহে তিনিখন টেষ্ট মেচ খেলিব৷ তেওঁ পৰৱর্তী কোন দুখন টেষ্ট মেচ খেলিব সেইটো আমি এতিয়াও সিদ্ধান্ত লোৱা নাই৷
প্রশিক্ষক গম্ভীৰে লগতে কয় যে দলত অন্তর্ভুক্ত হোৱা বাকী খেলুৱৈসকলৰ ওপৰত আমাৰ বিশ্বাস আছে৷ বহুতেই অনভিজ্ঞ৷ সময়ৰ লগে লগে তেওঁলোকৰ উন্নতি হ’ব৷ হেডিংলে টেষ্টৰ প্রথম চাৰি দিনত কিছু সময়ৰ বাবে আমি জয়ী হোৱাৰ অৱস্থাত আছিলো৷
কিন্তু অৱশেষত আমি পৰাজয় স্বীকাৰ কৰিবলগীয়া হয়৷ মোৰ বিশ্বাস যুৱ খেলুৱৈৰে সমৃদ্ধ দলটোৱে পৰৱর্তী টেষ্টত জয়লাভ কৰিব পাৰিব৷ বলাৰসকলক সমর্থন কৰি প্রশিক্ষক গম্ভীৰে লগতে কয় যে বুমৰাহ নেখেলিলেও তেওঁলোকে শৃংখলাত ২০টা উইকেট ল’ব পৰাৰ সক্ষমতা আছে৷
Niyomiya Barta Desk, Date of Published – 26-06-2025