নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজিলেণ্ডৰ হাতত পৰাজয়ৰ পিছত এক্সন মুডত প্রশিক্ষক গম্ভীৰ

নিউজ ডেস্ক, ২৮ অক্টোবৰ : নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম দুখন টেষ্টত ভাৰতৰ পৰাজয়ে জোকাৰি গৈছে দেশৰ অনুৰাগীসকলক৷ ১২ বছৰ পিছত প্রথমবাৰৰ বাবে ঘৰুৱা খেলপথাৰত পৰাজয়ৰ সন্মুখীন হৈছে ভাৰত৷ প্রথম দুখন টেষ্টৰ ফলাফলৰ পিছত ভাৰতৰ টীম মেনেজমেণ্টে গ্রহণ কৰিছে শক্তিশালী পদক্ষেপ৷ টীম মেনেজমেণ্টে বান্ধি দিয়া নীতি অনুসৰি, দলটোৰ আটাইকেইগৰাকী সদস্য বৈকল্পিক প্রশিক্ষণৰ সময়ত উপস্থিত থাকিব লাগিব৷ এই নীতি যশপ্রীত বুমৰাহ, বিৰাট কোহলি আৰু অধিনায়ক ৰোহিত শর্মাৰ দৰে তাৰকা ক্রিকেটাৰসকলৰ ক্ষেত্রতো প্রযোজ্য হ’ব৷ খেলৰ পূর্বে খেলুৱৈসকলৰ এটা প্রশিক্ষণ ছেছন বিকল্পহে মাথোঁ৷ পূর্বে সেই ছেছনত উপস্থিত থকাৰ পৰা বিৰত আছিল দলৰ শীর্ষ বেটাৰসকলৰ লগতে পেচ বলাৰসকল৷ অৱশ্যে এতিয়াৰে পৰা দলৰ প্রতিগৰাকী সদস্য এই বিশেষ ছেছনত উপস্থিত থকাটো দল পৰিচালকে কৰিছে বাধ্যতামূলক৷ ইণ্ডিয়ান এক্সপ্রেছৰ প্রতিবেদন অনুসৰি, দল পৰিচালকে প্রতিগৰাকী খেলুৱৈক অনুশীলন ছেছনত যোগদান কৰিবলৈ কঠোৰ নির্দেশ দিছে৷ তৃতীয় টেষ্টৰ পূর্বে অর্থাৎ ৩০–৩১ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অনুশীলন৷ ইয়াত অংশগ্রহণৰ বাবে বিৰত থাকিবলৈ কোনো এগৰাকী ক্রিকেটাৰৰ ওচৰত নাই কোনো বিকল্প৷ শৃংখলাৰ তৃতীয় তথা অন্তিমখন টেষ্ট ১ নৱেম্বৰৰ পৰা ৱাংখেড়েত অনুষ্ঠিত হ’ব৷

You might also like