ফ্রেন্স অ’পেন -ৰ নতুন সম্রাজ্ঞী ক’ক’ গফ
🔹 ফ্রেন্স অ’পেন -ৰ নতুন সম্রাজ্ঞী ক’ক’ গফ
🔹 পুৰুষ ছিংগলছৰ ছেমিফাইনেলত স্তব্ধ ন’ভাক জক’ভিচ
নিউজ ডেস্ক, ৮ জুন : আমেৰিকাৰ ক’ক’ গফে ফ্রেন্স অ’পেনৰ মহিলা শাখাৰ ছিংগলছৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে৷ কালি অনুষ্ঠিত খিতাপ যুঁজৰ মেচখনত দ্বিতীয় বাছনিপ্রাপ্ত গফে ডিফেণ্ডিং চেম্পিয়ন তথা শীর্ষ বাছনিপ্রাপ্ত বেলাৰুছৰ আৰিনা ছাবালেংকাক কঠিন সংগ্রামৰ মূৰত ৬–৭ (৫–৭), ৬–২, ৬–৪ ছেটত পৰাস্ত কৰে৷ প্রথমবাৰৰ বাবে ফ্রেন্স অ’পেনৰ খিতাপ জয় কৰা গফৰ এয়া আছিল দ্বিতীয়টো গ্রেণ্ডশ্লামৰ খিতাপ৷ ইয়াৰ পূর্বে গফে ২০২৩ চনত ইউএছ অ’পেনৰ খিতাপ জয় কৰিছিল৷
ইফালে, ২৫সংখ্যক গ্রেণ্ডশ্লামৰ খিতাপ জয়ৰ স্বপ্ণ ধূলিসাৎ হ’ল ছার্বিয়াৰ তাৰকা খেলুৱৈ ন’ভাক জক’ভিচৰ৷ চলিত ফ্রেন্স অ’পেনৰ পুৰুষ ছিংগলছৰ ছেমিফাইনেলৰ পৰা বিদায় ল’লে ২৪টাকৈ গ্রেণ্ডশ্লামৰ অধিকাৰী জক’ভিচে৷ শুকুৰবাৰে নিশা অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত ষষ্ঠ বাছনিপ্রাপ্ত তথা তিনিবাৰৰ গ্রেণ্ডশ্লামখনৰ চেম্পিয়ন জক’ভিচে শীর্ষ বাছনিপ্রাপ্ত ইটালীৰ জানিক ছিনাৰৰ হাতত কঠিন সংগ্রামৰ মূৰত পৰাজয় স্বীকাৰ কৰে৷ ৩ ঘণ্টা ১৬ মিনিট ধৰি চলা মাৰাথন যুঁজৰ মেচখনত ৩৮ বছৰীয়া জক’ভিচে ছিনাৰৰ হাতত ৪–৬, ৫–৭, ৬–৭ (৩–৭) ছেটত পৰাজয় স্বীকাৰ কৰে৷ ২০২৩ বর্ষত অন্তিমটো গ্রেণ্ডশ্লামৰ খিতাপ দখল কৰা জক’ভিচৰ হয়তো এইখনেই ফ্রেন্স অ’পেনৰ তেওঁৰ কেৰিয়াৰৰ অন্তিমখন মেচ৷ তেওঁৰ এক ইংগিতে সকলোকে আচৰিত কৰি তুলিছে৷
মেচৰ অন্তত জক’ভিচে কয় যে এবছৰৰ পিছত পুনৰ মই ফ্রেন্স অ’পেনত খেলিব পাৰিম নে নাই, সেয়া নিশ্চিত নহয়৷ ২৫সংখ্যক গ্রেণ্ডশ্লামৰ খিতাপ দখলৰ সন্ধানত থকা জক’ভিচে অহা মাহত আৰম্ভ হ’বলগীয়া উইম্বলনডন আৰু চলিত বছৰৰ শেষৰফালে ইউএছ অ’পেনত খেলাৰ ইচ্ছা প্রকাশ কৰিলেও তেওঁ স্বীকাৰ কৰে যে এই বছৰত তেওঁৰ পৰিকল্পনা এতিয়াও স্পষ্ট নহয়৷