অনিশ্চয়তাত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচ
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত ১৮–২২ জুনত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখনৰ আয়োজনক লৈ অনিশ্চয়তা আহি পৰিছে৷ সম্প্রতি ভাৰতত ক’ৰোনাৰ দ্বিতীয় জোৱাৰৰ সংক্রমণ অধিক হাৰত বৃদ্ধি পোৱাত ব্রিটেইনে সোমবাৰৰ পৰা ভাৰতীয় লোকৰ প্রৱেশ নিষিদ্ধ কৰিছে৷
ভাৰতত ক’ৰোনাৰ সংহাৰী ৰূপ দেখা পোৱাৰ পিছত ব্রিটেইনে ভাৰতক ৰেড লিষ্টত ধৰিছে আৰু ইয়াৰ ফলত অনাব্রিটেইন আৰু আইৰিছ নাগৰিকক ভাৰতৰ পৰা ব্রিটেইনত প্রৱেশ কৰাত প্রতিবন্ধকতা জাৰি কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত ছাউদাম্পটনত টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখন আয়োজনক লৈও সমস্যাত পৰিছে আই চি চি৷
ফাইনেল মেচখন নির্ধাৰিত সময়ত আয়োজন কৰিব পাৰিব বুলি আশা ব্যক্ত কৰি আই চি চিয়ে কয় যে জৈৱ সুৰক্ষিত পৰিৱেশত মেচখন আয়োজন কৰাৰ বাবে ইতিমধ্যে ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’ডৰ সৈতে আলোচনা কৰি আছে আৰু ফাইনেল মেচখন পূর্বৰ সূচীমতে অনুষ্ঠিত কৰিব পাৰিব বুলি আশা ব্যক্ত কৰিছে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে৷ অৱশ্যে প্রতিযোগিতাখনৰ ফাইনেল মেচখন নির্ধাৰিত সময়ত আয়োজন কৰাটো সম্ভৱপৰ নহ’ব বুলি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ এক সূত্রত প্রকাশ পাইছে৷