২০২৫-২৬ ছিজনৰ কেন্দ্ৰীয় চুক্তি ঘোষণা ক্ৰিকেট অষ্ট্ৰেলিয়াৰ, তালিকাত ৩ নতুন তাৰকাৰ নাম
নিউজ ডেস্ক, ১ এপ্ৰিলঃ আই পি এলৰ ১৮ ছিজন চলি আছে, অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ শীৰ্ষ খেলুৱৈয়ে প্ৰতিযোগিতাত খেলি আছে। ইফালে ক্ৰিকেট অষ্ট্ৰেলিয়াই প্ৰকাশ কৰিছে কেন্দ্ৰীয় চুক্তিৰ তালিকা। প্ৰথমবাৰৰ বাবে এই তালিকাত স্থান লাভ কৰিছে ছেম কনষ্টাছকে ধৰি তিনিগৰাকী নতুন খেলুৱৈয়ে। কনষ্টাছে যোৱা বছৰৰ ২৬ ডিচেম্বৰত ভাৰতৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অভিষেক মেচ খেলিছিল। প্ৰথম ইনিংছত ৬০ ৰান আৰু দ্বিতীয় ইনিংছত ৮ ৰান সংগ্ৰহ কৰিছিল তেওঁ।
আজি ক্ৰিকেট অষ্ট্ৰেলিয়াই ২০২৫-২৬ ছিজনৰ বাবে কেন্দ্ৰীয় চুক্তি ঘোষণা কৰে। তালিকাখন প্ৰকাশ কৰি ব’ৰ্ডে প্ৰথমবাৰৰ বাবে চুক্তিৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বাবে ছেম কনষ্টাছ, মেট কুহনেমেন আৰু বিউ ৱেবষ্টাৰক অভিনন্দন জনায়। ২০২২ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটা মেট কুহনেমেনে এই বছৰ শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁ দুখন টেষ্টত মুঠ ১৬টা উইকেট দখল কৰে। ৩১ বছৰীয়া বিউ ৱেবষ্টাৰে এই বছৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। তেওঁ খেলা ৩খন টেষ্টত ১৫০ ৰান আৰু ৩ উইকেট দখল কৰিছে।
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ কেন্দ্ৰীয় চুক্তি তালিকাত অন্তৰ্ভুক্ত খেলুৱৈ : জেভিয়াৰ বাৰ্টলেট, স্কট বোলেণ্ড, এলেক্স কেৰী, পেট কামিনছ, নাথান এলিছ, কেমেৰন গ্ৰীন, জছ হেজলউড, ট্ৰেভিছ হেড, জছ ইংলিছ, ওছমান খাৱাজা, ছেম কনটাছ, মেথিউ কুহনেমেন, মাৰ্নাছ লাবুছানে, নাথান লায়ন, মিচেল মাৰ্ছ, গ্লেন মেক্সৱেল, লেন্স মৰিছ, ঝাই ৰিচাৰ্ডছন, মাট শ্বৰ্ট, ষ্টিভ স্মিথ, মিচেল ষ্টাৰ্ক, ব্যু ৱেবষ্টাৰ, এডাম জাম্পা।