আজি বৰ্ষাপাৰাত ৰাজস্থানৰ অনুশীলন চাব পাৰিব ক্রিকেটানুৰাগীয়ে
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়ামত ২৬ মার্চত হ’ব লগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডার্ছৰ মাজৰ আইপিএল মেচখনৰ টিকট আনুষ্ঠানিকভাৱে অনুৰাগীৰ বাবে অনলাইনত মুকলি কৰি দিয়া হৈছে৷ ৰাজস্থান ৰয়েলছ দলৰ অফিচিয়েল টিকটিং পার্টনাৰ বুক মাই শ্ব’ত এই মেচখনৰ টিকট মুকলি কৰা হৈছে৷ ইফালে, ৩০ মার্চত গুৱাহাটীত হ’বলগা চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ দ্বিতীয়খন আইপিএল মেচৰ টিকট চলিত মাহৰ শেষৰ ফালে মুকলি কৰা হ’ব বুলি দলটোৱে অৱগত কৰে৷ আইপিএলৰ সূচী ঘোষণা হোৱাৰ পিছতে উত্তৰ–পূবৰ ক্রিকেট অনুৰাগীসকলৰ মাজত গুৱাহাটীত হ’ব লগা উভয় মেচৰ উৎকণ্ঠা, চর্চা আৰু প্রত্যাশা সৃষ্টিৰ সময়তে ৰাজস্থান ৰয়েলছে এমাহ পূর্বেই টিকট মুকলি কৰি সকলোকে ষ্টেডিয়ামলৈ অহাৰ আহ্বান জনাইছে৷ অনুৰাগীসকলে ১৬০০ টকাৰ পৰা আৰম্ভ কৰি নিজৰ পছন্দ অনুসৰি টিকট ক্রয় কৰিব পাৰিব৷ ইফালে, যুৱ অনুৰাগী আৰু ছাত্র–ছাত্রীৰ বাবে ৰাজস্থান ৰয়েলছে ৫০০ টকাৰ বিশেষ টিকটো মুকলি কৰিব৷ এই সুবিধাৰে কিশোৰ–কিশোৰীয়ে অসম গৌৰৱ ৰিয়ান পৰাগকে ধৰি নিজৰ প্রিয় তাৰকাসকলক ঘৰৰ খেলপথাৰত মেচ খেলাৰ স্মৰণীয় বাস্তৱক উপভোগ কৰিব পাৰিব৷ অনলাইন টিকটসমূহ কেৱল বুকমাইশ্ব’ আৰু ৰাজস্থান ৰয়েলছৰ ৱেবছাইটত উপলব্ধ হ’ব [https.//in.bookmyshow.com/sports/rajasthan-royals-vs-kolkata-knight-riders/ET00434150?webview=true]৷