নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২৮ বছৰ পাছত অলিম্পিকত অন্তর্ভুক্ত ক্রিকেট

বিশেষ বাৰ্তা, ১৪ অক্টোবৰ : সুদীর্ঘ ১২৮ বছৰ পাছত অলিম্পিকত পুনৰ অন্তর্ভুক্ত হ’ল বিশ্বৰ অন্যতম জনপ্রিয় খেল ক্রিকেট৷ ২০২৮ চনৰ লছ এঞ্জেলছত হ’বলগীয়া বিশ্বৰ সর্ববৃহৎ ক্রীড়া প্রতিযোগিতাখনত ক্রিকেটক অন্তর্ভুক্ত কৰা সন্দর্ভত আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীয়ে মোহৰ মাৰে৷ এই সন্দর্ভত সোমবাৰে আনুষ্ঠানিক ঘোষণা কৰা হ’ব৷ মন কৰিবলগীয়া যে ১৯০০ চনত শেষবাৰৰ বাবে পেৰিছ অলিম্পিকত ক্রিকেট খেল অনুষ্ঠিত হৈছিল৷ ক্রিকেটৰ উপৰি ২০২৮ চনৰ অলিম্পিকত বেছবল, ছফটবল, ফ্লেগ ফুটবল, লেক্রছ আৰু স্কোৱাছকো লছ এঞ্জেলছ অলিম্পিকত অন্তর্ভুক্ত কৰাৰ বাবে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ কার্যবাহী সমিতিয়ে সেউজ সংকেত দিছে৷ মুম্বাইত ১৪ আৰু ১৫ অক্টোবৰত আন্তঃৰাষ্ট্রীয় অলিম্পিক সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব৷ এই বৈঠকত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে আইঅ’চিৰ সভাপতি থমাছ বাখে মুম্বাইত উপস্থিত হৈছে৷ মুম্বাইলৈ অহাৰ পাছত তেওঁ কয় যে ক্রিকেটক অলিম্পিকত অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত প্রায় চূড়ান্ত হৈছে৷ ২০২৮ৰ অলিম্পকত ক্রিকেট খেল টি–২০ ফর্মেটত অনুষ্ঠিত হ’ব৷ অৱশ্যে উক্ত চনৰ অলিম্পিকত কেইটা দলে এই ইভেণ্টটোত ভাগ ল’ব, সেয়া চূড়ান্ত হোৱা নাই৷ উল্লেখ্য যে ১৯০০ চনৰ অলিম্পিকত অনুষ্ঠিত ক্রিকেটত গ্রেট ব্রিটেইন, ফ্রান্স, নেদাৰলেণ্ডছ আৰু বেলজিয়ামে অংশগ্রহণ কৰিছিল৷ কিন্তু নেদাৰলেণ্ডছ আৰু বেলজিয়াম আঁতৰি যোৱাৰ পাছত গ্রেট ব্রিটেইন আৰু ফ্রান্সে মাত্র এখন খেলহে খেলিছিল আৰু সেইখনেই হৈছে ফাইনেল৷ প্রতিটো দলত ১২জন খেলুৱৈ আছিল আৰু দুদিন ধৰি খেল হৈছিল৷

You might also like