নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মুখত চিএছকে : বর্ষাপাৰাত আজি ৰিয়ানৰ অগ্নিপৰীক্ষা

🔹 সন্ধিয়া ৬.৩০ বজাত বলীউডৰ অভিনেত্রী ছাৰা আলী খানৰ অনুষ্ঠান–ড্র’ন শ্ব’

বিশেষ বাৰ্তা, ৩০ মার্চ : বর্ষাপাৰাত আজি অগ্ণিপৰীক্ষাৰ সন্মুখীন হ’ব ৰাজস্থান ৰয়েলছৰ অধিনায়ক অসম-সন্তান ৰিয়ান পৰাগ৷ চলিত আইপিএলত ৰাজস্থান ৰয়েলছৰ প্রথম তিনিখন মেচত অধিনায়কৰ দায়িত্ব লাভ কৰা ৰিয়ান পৰাগে দলক প্রত্যয়জনক আৰম্ভণি দিয়াত ব্যর্থ হৈছে৷ দলটোৱে নিজৰ প্রথম দুয়োখন মেচতে পৰাজয়ৰ গ্লানি সহিবলগীয়া হৈছে৷ ফলত আজিৰ মেচখন মৰণপণ যুঁজ হিচাপে বিবেচিত হৈছে ৰাজস্থান ৰয়েলছৰ বাবে৷ সন্মুখত শক্তিশালী প্রতিদ্বন্দ্বী চেন্নাই ছুপাৰ কিংছ৷ দলটোত কেইবাগৰাকীও তাৰকা খেলুৱৈ আছে৷ গতিকে আজি গৃহভূমিত খেলিবলগীয়া মেচখন ৰিয়ানৰ বাবে অগ্নিপৰীক্ষা হ’ব৷ প্রথম দুয়োখন মেচতে ৰাজস্থান দলটোৰ আগশাৰীৰ বেটাৰসকলে নিজৰ ছন্দ অনুসাৰে খেলিব পৰা নাছিল৷ বর্ষাপাৰাত যোৱা ২৬ মার্চত হৈ যোৱা মেচখনতো দলটোৰ প্রদর্শন আছিল হতাশাজনক৷ ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছৰ হাতত পৰাজয় স্বীকাৰ কৰাত প্রতিযোগিতাখনত প্রত্যাৱর্তন কৰাৰ বাবে আজিৰ মেচখন ৰাজস্থানৰ বাবে বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ দলটোৰ অধিনায়ক ৰিয়ান পৰাগেও বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব পৰা নাই৷ আজিৰ হাইভল্টেজ মেচখনত ৰিয়ান পৰাগে বিস্ফোৰক ইনিংছ খেলি দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰিব বুলি আশাবাদী ঘৰুৱা অনুৰাগী৷ ইফালে, শুকুৰবাৰে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ হাতত পৰাজয়বৰণ কৰা চেন্নাই ছুপাৰ কিংছে কালি সন্ধিয়া গুৱাহাটীত উপস্থিত হয়৷ প্রতিযোগিতাখনত চিএছকেৰ প্রদর্শন আশানুৰূপ নহয়৷ দলটোৱে এতিয়ালৈকে দুখন মেচ খেলি এখনত জয়ৰ মুখ দেখিছে৷ আইপিএলৰ ইতিহাসত দুয়োটা দলে এতিয়ালৈকে ২৯ বাৰ মুখামুখি হৈছে আৰু ইয়াৰে ১৬ বাৰ চিএছকে আৰু ১৩বাৰ ৰাজস্থানে জয়ৰ মুখ দেখিছে৷ আজিৰ হাইভল্টেজ মেচৰ পূর্বে বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এক বর্ণিল সাংস্কৃতিক অনুষ্ঠান৷ এই অনুষ্ঠানত অংশগ্রহণ কৰাৰ উদ্দেশ্যে কালি গুৱাহাটীত উপস্থিত হৈছে বলীউডৰ মোহময়ী অভিনেত্রী ছাৰা আলী খান৷ তদুপৰি প্রথমবাৰৰ বাবে গুৱাহাটীত হ’ব ড্র’ন শ্ব’৷ এক মায়াময় পৰিৱেশৰ সাক্ষী হ’ব ক্রীড়াপ্রেমীসকল৷ মেচখন আৰম্ভ হোৱাৰ ঠিক এঘণ্টা পূর্বে সন্ধিয়া ৬.৩০ বজাত আৰম্ভ হ’ব সাংস্কৃতিক অনুষ্ঠানটো৷ দেওবাৰৰ সন্ধিয়াটো এক স্মৰণীয় মুহূর্ত হৈ ৰ’ব বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত উপস্থিত থকা দর্শকসকলৰ বাবে৷ ইফালে, বর্ষাপাৰাত মহেন্দ্র সিং ধোনীৰ খেল চাবলৈও অতি উৎকণ্ঠাৰে অপেক্ষা কৰিছে ক্রিকেটপ্রেমীসকলে৷

খেলৰ সময় : নিশা ৭.৩০ বজা৷

You might also like