নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাৰজাহত আজি চেন্নাই–কলকাতাৰ মুখামুখি

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ ক্রমাগত তিনিখন মেচত পৰাজয়ৰ পিছত শেহতীয়াকৈ জয়ৰ ধাৰালৈ উভতি অহা চেন্নাই ছুপাৰ কিংছ আজি চলিত আই পি এলত কলকাতা নাইট ৰাইডার্ছৰ মুখামুখি হ’ব৷

বেটছমেনৰ স্বর্গভূমি হিচাপে পৰিচিত শ্বাৰজাহত অনুষ্ঠিত হ’বলগীয়া মেচখনত মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নায়ে যিদৰে জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিব, ঠিক একেদৰে কলকাতা নাইট ৰাইডার্ছো বহু প্রত্যাশিত জয়ৰ সন্ধানত আছে৷

উল্লেখ্য যে ক্রমাগত তিনিখন মেচত পৰাস্ত হৈ অনুৰাগীক হতাশ কৰা ধোনী বাহিনীয়ে শেহতীয়া মেচখনত কিংছ একাদশ পঞ্জাবক ১০ উইকেটত বিধ্বস্ত কৰি আই পি এললৈ দুর্দান্ত প্রত্যাৱর্তন ঘটাইছে৷ ইয়াৰ বিপৰীতে দীনেশ কার্তিক নেতৃত্বাধীন কলকাতা নাইট ৰাইডার্ছে শেহতীয়া মেচখনত দিল্লী কেপিটেলছৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল৷ চাৰিখন মেচত মাত্র ৩৭ ৰান সংগ্রহ কৰিবলৈ সক্ষম হোৱা অধিনায়ক কার্তিকে আজি তীব্র চাপৰ মাজত খেলপথাৰত নামিব লাগিব৷

কিয়নো, অধিনায়ক আৰু বেটছমেন হিচাপে চূড়ান্তভাৱে ব্যর্থ হোৱাৰ পিছত কে কে আৰৰ অনুৰাগীয়ে কার্তিকৰ স্থানত ইয়ন মৰগানক নেতৃত্বৰ দায়িত্ব দিয়াৰ দাবী তুলিছে৷ ইফালে, আই পি এলত চমকপ্রদ ফর্মত থকা আন্দ্রে ৰাছেল আৰু ইয়ন মৰগানে শ্বাৰজাহৰ তুলনামূলকভাৱে সৰু গ্রাউণ্ডত ৰানৰ জোৱাৰ তোলাৰ আশা কৰিছে ক্রিকেট অনুৰাগীয়ে৷ একেদৰে চি এছ কেৰ অনুৰাগীয়ে অধিনায়ক ধোনী, অম্বাটি ৰাইডু আৰু কেদাৰ যাদৱৰ পৰা উন্নত প্রদর্শন আশা কৰিব৷

ইতিমধ্যে ফাফ ডু প্লেচিছ আৰু শ্বেন ৱাটছনে শেহতীয়া মেচখনত প্রথম উইকেটত ১৮১ ৰান যোগ দি চি এছ কেৰ শিবিৰক আত্মবিশ্বাসী কৰি ৰাখিছে৷

খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷

You might also like