আইচিচি চেম্পিয়নছ ট্রফীৰ পৰা বাহিৰ কামিনছ–হেজলউড
নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ ফেব্ৰুৱাৰীঃ আইচিচি চেম্পিয়নছ ট্রফীলৈ দুসপ্তাহৰো কম সময় বাকী থকা অৱস্থাত এক মোক্ষম আঘাতৰ সন্মুখীন হ’ল অষ্ট্রেলিয়া৷ দলটোৰ দুই তাৰকা খেলুৱৈ পেট কামিনছ আৰু জ’ছ হেজলউড অবিহনে চেম্পিয়নছ ট্রফীত ভাগ ল’ব কেংগাৰু বাহিনীয়ে৷ আঘাতৰ পৰা সম্পূর্ণৰূপে আৰোগ্য লাভ নকৰাৰ বাবেই দুয়োগৰাকী তাৰকা পেচবলাৰ আগন্তুক চেম্পিয়নছ ট্রফীৰ পৰা বাহিৰ হয় বুলি ক্রিকেট অষ্ট্রেলিয়াৰ এক বিবৃতিত আজি এই কথা সদৰী৷ ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ অষ্ট্রেলিয়াৰ প্রাৰম্ভিক দলত ৰখা হৈছিল কামিনছক৷ কামিনছ আৰু হেজলউডৰ উপৰি তাৰকা অলৰাউণ্ডাৰ মিচেল মার্শ্বো আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি আছে৷ আগন্তুক চেম্পিয়নছ ট্রফীত মিচেল মার্শ্বৰো অংশগ্রহণ অনিশ্চিত হৈ পৰিছে৷ চেম্পিয়নছ ট্রফীৰ বাবে অহা ১২ ফেব্রুৱাৰীৰ ভিতৰত অষ্ট্রেলিয়াই ১৫ জনীয়া দলটো ঘোষণা কৰিব লাগিব৷ চেম্পিয়নছ ট্রফীৰ পৰা কামিনছ আৰু হেজলউড বাদ পৰাৰ সন্দর্ভত ক্রিকেট অষ্ট্রেলিয়াৰ মুখ্য নির্বাচক জর্জ বেইলীয়ে কয় যে এইটো আমাৰ বাবে এক মোক্ষম আঘাত৷ ২০২৩ চনত কামিনছৰ নেতৃত্বত অষ্ট্রেলিয়াই এদিনীয়া বিশ্বকাপৰ খিতাপ জয় কৰিছিল৷ কামিনছৰ অনুপস্থিতিয়ে চেম্পিয়নছ ট্রফীত দলটোক কিছু সমস্যাত পেলাব বুলি উল্লেখ কৰি মুখ্য নির্বাচকগৰাকীয়ে লগতে কয় যে হেজলউডৰো যথেষ্ট অভিজ্ঞতা আছে৷ তেওঁকো আমি চেম্পিয়নছ ট্রফীত হেৰুৱাবলগীয়া হয়৷ চেম্পিয়নছ ট্রফীত অষ্ট্রেলিয়া দলটোক কোনে নেতৃত্ব দিব সেয়া এতিয়াও চূড়ান্ত কৰা নাই বুলি মন্তব্য কৰে মুখ্য নির্বাচক বেইলীয়ে৷