নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড’পিং বিধি ভংগৰ শাস্তি: দুবছৰলৈ নির্বাসিত জিমনাষ্ট দীপা কর্মকাৰ

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ: দুবছৰৰ বাবে নির্বাসনৰ সন্মুখীন হ’ল অলিম্পিয়ান দীপা কর্মকাৰ৷ ভাৰতৰ অন্যতম শ্রেষ্ঠ জিমনাষ্টগৰাকীৰ বিৰুদ্ধে ড’পিং বিধি উলংঘনৰ অভিযোগ প্রমাণিত হৈছে৷ তেওঁক নির্বাসিত কৰিলেও এই বিষয়ত কোনো মন্তব্য কৰা নাই আন্তর্জাতিক জিমনাষ্টিকছ ফেডাৰেচনে৷ কেৱল জনোৱা হৈছে যে ২০২১ চনৰ দ্বিতীয়ার্ধৰ পৰা দুবছৰৰ বাবে নির্বাসিত কৰা হৈছে দীপাক৷ এই নির্বাসনৰ ফলত দীপাৰ খেলুৱৈ জীৱনৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে প্রবল অনিশ্চয়তাৰ৷ উল্লেখ্য যে চলিত বর্ষৰ আৰম্ভণিতেই দীপাক নির্বাসিত কৰিব বুলি শুনা গৈছিল৷ এতিয়া ২০২১ চনৰ জুলাই মাহৰ পৰা নির্বাসনৰ শাস্তি কার্যকৰী কৰা হৈছে৷ উল্লেখ্য যে জিমনাষ্টগৰাকীক ড’প পৰীক্ষা দিবলৈ নির্দেশ দিছিল ৱ’ল্ড এণ্টি ড’পিং এজেঞ্চীয়ে৷ কিন্তু তেওঁ সেই নির্দেশ অগ্রাহ্য কৰিছিল৷ একাধিকবাৰ নির্দেশ দিয়াৰ পিছতো উপেক্ষা কৰাৰ অভিযোগ উত্থাপিত হৈছে দীপাৰ বিৰুদ্ধে৷ এই বিধি উলংঘাই তেওঁৰ নির্বাসনৰ প্রধান কাৰণ হিচাপে দেখা দিলে৷ উল্লেখ্য যে ২০১৬ চনৰ ৰি’ অলিম্পিকত অনবদ্য প্রদর্শন কৰিছিল দীপাই৷ অলপৰ বাবে তেওঁ ব্রঞ্জৰ পদকৰ পৰা বঞ্চিত হৈছিল৷ ইয়াৰ পূর্বে ২০১৪ চনত গ্লাছগো কমনৱেলথ গেমছত ব্রঞ্জ জয় কৰিছিল দীপাই৷ ২০১৭ চনত অস্ত্রোপচাৰ হোৱাৰ পিছতে কোনো বৃহৎ প্রতিযোগিতাত অংশ লোৱা নাছিল ত্রিপুৰাৰ খেলুৱৈগৰাকীয়ে৷

You might also like