নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্বোধনী মেচত পৰাস্ত ডিফেণ্ডিং চেম্পিয়ন পাকিস্তান

🔹 চেম্পিয়নছ ট্রফী : ৬০ ৰানত জয় নিউজিলেণ্ডৰ

নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : আইচিচি চেম্পিয়নছ ট্রফীৰ উদ্বোধনী মেচতে পৰাস্ত হ’ল ডিফেণ্ডিং চেম্পিয়ন পাকিস্তান৷ কালি কৰাচীত অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত ঘৰুৱা দলটোৱে নিউজিলেণ্ডৰ হাতত ৬০ ৰানত পৰাস্ত হয়৷ মেচখনত কিৱি দলটোৰ জয়ৰ মূলতে হ’ল উইল ইয়ং আৰু টম লাথামৰ দুর্দান্ত শতক৷ নিউজিলেণ্ডে জয়ৰ বাবে বান্ধি দিয়া ৩২১ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বাবৰ আজম আৰু খুছদিল শ্বাহৰ অর্ধশতকৰ সহায়ত পাকিস্তানে ৪৭.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৬০ ৰানহে কৰে৷ বাবৰে ৬৪ আৰু খুছদিলে ৬৯ ৰানৰ অৰিহণা আগবঢ়ায়৷ ছলমান আঘাই ২৮ বলত ৪২ আৰু ফখৰ জামানে ২৪ ৰান কৰে৷ অ’পেনাৰ ছাকিলে ৬, অধিনায়ক ৰিজৱানে ৩, টায়াব তাহিৰে ১ আৰু শ্বাহিন শ্বাহ আফ্রিদীয়ে ১৪ ৰান কৰে৷ নিউজিলেণ্ডৰ হৈ উইল অ’ৰুৰকে আৰু মিচেল ছাণ্টনাৰ উভয়ে সর্বাধিক তিনিটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও অ’পেনাৰ উইল ইয়ং আৰু ট’ম লাথামৰ দুর্দান্ত শতকৰ সহায়ত নিউজিলেণ্ডে নির্ধাৰিত ৫০ অভাৰত পাঁচটা উইকেট হেৰুৱাই ৩২০ ৰান সংগ্রহ কৰে৷ দলীয় স্ক’ৰ ৭৩ ৰানতে তিনিটাকৈ উইকেট হেৰুৱাই দলটো বিপদত পৰিছিল যদিও ইয়ং আৰু লাথামে চতুর্থ উইকেটত ১১৮ ৰান কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ ইয়ঙে ১১৩টা বলত ১০৭ ৰান কৰি বিদায় লয় যদিও লাথামে ১০৪টা বলত ১১৮ ৰান কৰি অপৰাজিত হৈ থাকে৷ গ্লেন ফিলিপছে ৩৯টা বলত ৬১ ৰানৰ দর্শনীয় ইনিংছ খেলে৷ ডেভ’ন ক’নৱেই ১০, উইলিয়ামছনে ১ আৰু ডাৰিল মিচেলে ১০ ৰানহে কৰে৷ পাকিস্তানৰ হৈ নাছিম শ্বাহ আৰু হৰিশ ৰৌফ উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰে৷

You might also like